আচৰিত যেন লাগিলেও এক সঁচা কাহিনী। প্ৰকৃতাৰ্থত ভ্ৰমণ পিপাসু বুলি ক’ব পৰা এক দম্পতী ৷ যিয়ে ছমহীয়া Road Trip আৰু ভ্ৰমণৰ বাবে এৰি দিলে ভাল দৰমহাপ্ৰাপ্ত চাকৰি ৷ ভাল দৰমহাপ্ৰাপ্ত চাকৰি ত্যাগৰ পৰা Road Tripৰ পৰিকল্পনালৈ, প্ৰতিটো সময়তে কেৰালাৰ এই দম্পতীক সমৰ্থন আগবঢ়াইছিল তেওঁলোকৰ পৰিয়ালবৰ্গই ৷
কেৰালাৰ থ্ৰিচুৰৰ এই দম্পতীহাল হৈছে হৰিকৃষ্ণণ জে আৰু লক্ষ্মী কৃষ্ণ ৷ যিয়ে তেওঁলোকৰ ভ্ৰমণৰ চূড়ান্ত সপোন উপলব্ধিৰ পিছতে এৰি দিয়ে Sales আৰু গ্ৰাফিক্স ডিজাইনাৰৰ চাকৰি আৰু নিজকে নিয়োজিত কৰে ফ্ৰীলেন্সিং কিছু কাম-কাজত ৷ যাতে কোনো কামৰ চাপ আৰু পেছাদাৰী প্ৰতিশ্ৰুতি অবিহনেই তেওঁলোকে পূৰণ কৰিব ভ্ৰমণৰ সপোন ।
CNN ট্ৰেভেলাৰৰ সৈতে তেওঁলোকৰ এই কাহিনী শ্বেয়াৰ কৰি হৰিকৃষ্ণণনে কয়, "ভ্ৰমণৰ প্ৰতি আমাৰ এই প্ৰেম ২০১৯ চনৰ মে’ মাহত থাইলেণ্ডলৈ যোৱা এটা বেকপেকিং হানিমুন ভ্ৰমণৰ ফলশ্ৰুতি আছিল । আমি এই ভ্ৰমণসূচী বহু উপভোগ কৰিছিলো আৰু ভ্ৰমণৰ অজুহাত হিচাপে আমাৰ ইউটিউব চেনেল টিনপিন ষ্টৰীজৰ আৰম্ভ কৰিছিলো।"
এই দম্পতীহালে তেওঁলোকৰ যাত্ৰা প্ৰথমে ঋষিকেশ, হিমাচলৰ গাঁওসমূহ, হাম্পি আৰু কৰ্ণাটকৰ চিকমাগালুৰৰ দৰে সৰু ভ্ৰমণেৰে আৰম্ভ কৰিছিল । কিন্তু ২০২০ চনৰ অক্টোবৰত দুয়োয়ে তেওঁলোকৰ হুণ্ডাই ক্ৰেটাত বাস কৰি ভ্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিল ৷ গাড়ীতেই ভ্ৰমণ আৰু শোৱাৰ পৰা খাদ্য ৰন্ধা আদি কৰি নিজে দেশ অন্বেষণ কৰিছিল । যদিও প্ৰথমে তেওঁলোকৰ পৰিকল্পনা আন্তৰ্জাতিক পথ ভ্ৰমণৰ আছিল, কিন্তু আন্তৰ্জাতিক সীমা অক্টোবৰৰ পূৰ্বে বন্ধ হোৱাৰ বাবে দেশৰ ভিতৰতেই ভ্ৰমণ কৰিবলগীয়া হৈছিল তেওঁলোকে ৷
লগতে দম্পতীহালে কয় যে প্ৰিয়জনৰ সমৰ্থনে তেওঁলোকক এই কঠিন সিদ্ধান্ত ল'বলৈ যথেষ্ট সহায় কৰিছিল । ওলাই যোৱাৰ পূৰ্বে দম্পতিহালে তেওঁলোকৰ ভ্ৰমণৰ বাবে ভালদৰে প্ৰস্তুতি চলাইছিল। দুয়োজনে যাত্ৰাৰ বাবে ১০ যোৰ কাপোৰ, ৰন্ধা প্ৰয়োজনীয় সামগ্ৰী, এটা বাল্টি আৰু মগ আৰু ভিডিঅ’ এডিটিঙৰ এটা লেপটপো লগত লৈছিল । তেওঁলোকে ভ্ৰমণৰ বাবে ২.৫ লাখ টকাৰ বাজেটো নিৰ্ধাৰণ কৰিছিল, কিন্তু তেওঁলোকৰ ব্যয় বাজেটতকৈ বহুত কম আছিল।
দম্পতিহালৰ স্মৰণীয় মুহূৰ্ত আৰু ভাল ঠাই ভ্ৰমণৰ তালিকাখন অন্তহীন। উদুপীৰ পৰা আৰম্ভ কৰি গোকৰ্ণৰ বায়োলুমাইনচেণ্ট সাগৰৰলৈ, তেওঁলোকে প্ৰতিখন ঠাই উপভোগ কৰিছিল । এতিয়ালৈ দুয়োয়ে ১০,০০০ কিলোমিটাৰ ভ্ৰমণ কৰিছে আৰু বৰ্তমানেও চলি আছে তেওঁলোকৰ ভ্ৰমণ ।
প্ৰথমতে ৬০ দিনৰ বাবে ভ্ৰমণপৰিকল্পনা কৰা হৈছিল আৰু এই যাত্ৰা ২০২০ চনৰ ২৮ অক্টোবৰত কেৰালাৰ থ্ৰিচুৰৰ পৰা আৰম্ভ হৈছিল । কিন্তু এই Road Tripয়ে এতিয়া ১৩০ দিনতকৈও অধিক সময় অতিক্ৰম কৰিছে আৰু এপ্ৰিলৰ আৰম্ভণিতে গৃহৰাজ্য কেৰালাত তেওঁলোকৰ ভ্ৰমণ শেষ হ'ব বুলি আশা কৰা হৈছে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|