বলীউডত আত্মপ্ৰকাশ কৰিয়েই কেটৰিনা কাইফে (Katrina Kaif) নিজৰ নাম উজলাই তুলিছিল। অভিনয় জগতলৈ অহাৰ আগতে কেটৰিনাই মডেলিং কৰিছিল। আৰু তাতেই তেওঁ চলচ্চিত্ৰৰ প্ৰস্তাৱ পাইছিল। কেটৰিনা অভিনীত প্ৰথমখন ছবি আছিল বুম (Boom)। তেওঁৰ হিন্দী উচ্চাৰণত কিছু জড়তা আছিল আৰু সেয়ে তেওঁৰ অভিনয়তো তাৰ প্ৰভাৱ পৰিছিল। কিন্তু কেটৰিনাই সকলো বাধা অতিক্ৰম কৰি নিজকে বহুদূৰ লৈ গৈছে। হিন্দীৰ উপৰিও, তেওঁ তেলেগু চলচ্চিত্ৰত অভিনয় কৰিছে। কেটৰিনাই অক্ষয় কুমাৰৰ (Akshay Kumar) বিপৰীতে বহুতো হিট ছবি উপহাৰ দিছে।
এটা সময়ত ছলমান খান (Salman Khan) আৰু ৰণবীৰ কাপুৰ (Ranbir Kapoor)ৰ সৈতে কেটৰিনাৰ প্ৰেমৰ সম্পৰ্কক লৈ বলীউডত তোলপাৰ লাগি আছিল। কিন্তু বিকি কৌশলৰ (Vicky Kaushal) সৈতে কেটৰিনাৰ প্ৰেমৰ সম্পৰ্কৰ কাউৰীয়েও ভূ নাপালে। কেটৰিনা এতিয়া বিকিৰ ঘৰৰ গৃহিণী। এতিয়া প্ৰাকৃতিক উপাদানৰ ওপৰত নিৰ্ভৰ কৰি কেটৰিনাই কেনেকৈ নিজৰ সৌন্দৰ্য বজাই ৰাখে জানোঁ আহক!
কেটৰিনাই প্ৰাকৃতিক উপাদানৰ ওপৰত নিৰ্ভৰ কৰে আৰু বিপণনযোগ্য সামগ্ৰীৰ ওপৰত নহয়। তেওঁ প্ৰায়ে ঘৰত বনোৱা প্ৰসাধন ব্যৱহাৰ কৰে। কেটৰিনাৰ আকৰ্ষণ হৈছে নিজৰ স্নিগ্ধ ছাল। আৰু তেওঁ সেই ছালৰ উজ্জ্বলতা বজাই ৰাখিবলৈ মাত্ৰ দুটা উপাদান ব্যৱহাৰ কৰে। আৰু সেই দুটা উপাদান হৈছে ওটমিল আৰু মৌ। প্ৰথমে তেওঁ ওটমিলটো গুৰি কৰে আৰু ইয়াক গুৰি কৰি মৌৰ সৈতে মিহলি কৰে। দুয়োটা সমান অনুপাতত ল'ব লাগে অৰ্থাৎ এক টেবল চামুচ।
কেটৰিনাই নিজৰ মুখত এই দুটা উপাদানেৰে তৈয়াৰ কৰা ফেচপেক লগায় আৰু শুকাই যোৱাৰ পিছত ধুই দিয়ে আৰু এনেদৰেই নিজৰ চেহেৰাত দুগুণ ৰহণ চৰায়ল। কেটৰিনাই ক্লিনজিং, টোনিং আৰু ময়শ্চাৰাইজ কৰাৰ নিয়মীয়া ৰুটিন অনুসৰণ কৰিবলৈ নাপাহৰে। কেতিয়াবা তেওঁ শৰীৰ মালিচ কৰে যাতে শৰীৰৰ সকলো উপাদানৰ পুষ্টি উপলব্ধ হয়। ইয়াৰ লগতে কেটৰিনাই নিশ্চিতভাৱে সঠিক আহাৰ আৰু ব্যায়ামৰ ৰুটিন অনুসৰণ কৰে।
প্ৰদাহ হ্ৰাস কৰিবলৈ কেটৰিনাই মাজে মাজে বৰফৰ ঠাণ্ডা পানীৰে মুখ ঢাকি ৰাখে। আৰু একে সময়তে কপালত পৰা বলিৰেখা হ্ৰাস কৰিবলৈ মুখৰ ব্যায়ামো কৰে। আৰু এনেদৰেই তেওঁ ইমান বছৰ ধৰি নিজকে আকৰ্ষণীয় কৰি ৰাখিবলৈ সক্ষম হৈছে কেটৰিনা।
Published by: Manjumoni Borah
FIRST PUBLISHED : December 17, 2021, 17:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|