নিঃসন্দেহে বিবাহিত জীৱন আনন্দেৰে আৰম্ভ কৰিছে মোহময়ী অভিনেত্ৰী কেটৰিনা কাইফ (Katrina Kaif)এ। বিয়াৰ পিছতে স্বামী বিকি কৌশল আৰু কেটৰিনা (Katrina Kaif-Vicky Kaushal)ই নিজেও তেওঁলোকৰ নিজ নিজ ইনষ্টাগ্ৰাম একাউণ্টত তেওঁলোকৰ হনিমুনৰ আৰু খ্ৰীষ্টমাছ উদযাপনৰ ফটো শ্বেয়াৰ কৰিছিল। ইয়াৰ পৰা আভাস পোৱা যায় যে দুয়োজনেই এই বিবাহত সুখী। ৯ ডিচেম্বৰ, ২০২১ত বিবাহপাশত আৱদ্ধ হোৱা দম্পতৰ এমাহৰ বিবাহিত জীৱনৰ আনন্দৰ ক্ষণত কেটৰিনাই ইনষ্টাগ্ৰামত তেওঁৰ "প্ৰেম"ৰ সৈতে এক প্ৰিয় মুহূৰ্তৰ ছবি শ্বেয়াৰ কৰিছে।
ফটোখনত বিকিয়ে কেটৰিনাক জোৰেৰে আলিঙ্গন কৰি আছে আৰু কেটৰিনাই কেমেৰাৰ ফালে চাই হাঁহি আছে। ছবিখন শ্বেয়াৰ কৰি কেটৰিনাই লিখিছিল, "Happy one month my (heart)."
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|