• Home
  • »
  • News
  • »
  • entertainment
  • »
  • 'হেৰা ফেৰী ৩' ত অভিনয় কৰিব কাৰ্তিক আৰ্য়ানে, পৰেশ ৰাৱালে কৰিলে নিশ্চিত; অক্ষয় কুমাৰৰ পৰিৱৰ্তে থাকিব নেকি কাৰ্তিক?

'হেৰা ফেৰী ৩' ত অভিনয় কৰিব কাৰ্তিক আৰ্য়ানে, পৰেশ ৰাৱালে কৰিলে নিশ্চিত; অক্ষয় কুমাৰৰ পৰিৱৰ্তে থাকিব নেকি কাৰ্তিক?

নিশ্চিত হৈছে যে কাৰ্তিক আৰ্য়ানে সঁচাকৈয়ে হেৰা ফেৰী ৩ ৰ অংশ হ’ব, অৱশ্যে নিশ্চিতকৰণ পৰেশ ৰাৱাল ওৰফে বাবু ৰাওৰ বাহিৰে আন কাৰো পৰা নাই।

নিশ্চিত হৈছে যে কাৰ্তিক আৰ্য়ানে সঁচাকৈয়ে হেৰা ফেৰী ৩ ৰ অংশ হ’ব, অৱশ্যে নিশ্চিতকৰণ পৰেশ ৰাৱাল ওৰফে বাবু ৰাওৰ বাহিৰে আন কাৰো পৰা নাই।

কাৰ্তিক অভিনয় কৰাটো নিশ্চিত হোৱাৰ লগে লগে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে তেওঁ নতুনকৈ সংযোজন হ’ব নে ছবিখনত অক্ষয় কুমাৰৰ পৰিৱৰ্তে অভিনয় কৰিব?

  • Share this:
'হেৰা ফেৰী ৩' কেতিয়া মুক্তি পাব? বহুদিন ধৰি অনুৰাগী আৰু দৰ্শকৰ মনত থকা এই প্ৰশ্ন। বলিউডৰ জনপ্ৰিয় হাস্য-ব্যংগ তৃতীয়খন ছবিৰ আপডেটৰ বাবে অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে। কাৰ্তিক আৰ্য়ানে হয়তো এই ছবিখনত অভিনয় কৰিব বুলিও উৰাবাতৰিৰ সৃষ্টি হৈছিল। এতিয়া প্ৰথম দুখন ছবিত বাবু ৰাওৰ চৰিত্ৰত অভিনয় কৰা পৰেশ ৰাৱালে নিশ্চিত কৰিছে যে যুৱ অভিনেতাগৰাকী তৃতীয়খন ছবিৰ অংশ হ’ব।

এতিয়া নিশ্চিত হৈছে যে কাৰ্তিক আৰ্য়ানে সঁচাকৈয়ে হেৰা ফেৰী ৩ ৰ অংশ হ’ব, অৱশ্যে নিশ্চিতকৰণ পৰেশ ৰাৱাল ওৰফে বাবু ৰাওৰ বাহিৰে আন কাৰো পৰা নাই। টুইটাৰত এজন অনুৰাগীয়ে অভিনেতাজনক প্ৰশ্ন কৰিছিল যে কাৰ্তিক জনপ্ৰিয় ছবিখনৰ তৃতীয় সংস্কৰণৰ অংশ হ’ব নেকি সেই উৰাবাতৰিৰ বিষয়ে। এই কথাত ৰাৱালে ক’লে, “হয় সঁচা।”

ইয়াত চাওক টুইটটো:


কাৰ্তিক অভিনয় কৰাটো নিশ্চিত হোৱাৰ লগে লগে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে তেওঁ নতুনকৈ সংযোজন হ’ব নে ছবিখনত অক্ষয় কুমাৰৰ পৰিৱৰ্তে অভিনয় কৰিব?

অক্ষয় কুমাৰৰ চৰিত্ৰত কাৰ্তিকে অভিনয় কৰিব নেকি?
হেৰা ফেৰী ৩ ছবিখনত অক্ষয় কুমাৰে নিজৰ চৰিত্ৰ ৰাজুক পুনৰুজ্জীৱিত কৰিব বিচৰা বুলি খবৰ ওলাইছে যদিও শেহতীয়াকৈ পিংকভিলাত প্ৰকাশিত এক বাতৰিত অভিনেতাগৰাকী চিত্ৰনাট্যক লৈ সুখী নহয় বুলি দাবী কৰা হৈছে। পৰ্টেলটোৰ উদ্ধৃতিৰে প্ৰকাশ কৰা এক সূত্ৰই প্ৰকাশ কৰিছে যে, “হেৰা ফেৰী, ৱেলকাম, আৰু আৱৰা পাগল দীৱানা অক্ষয় কুমাৰৰ নেতৃত্বত তিনিটা আটাইতকৈ প্ৰিয় ফ্ৰেঞ্চাইজি, আৰু তেওঁ আইকনিক ছবিসমূহ পুনৰ চাবলৈ যথেষ্ট আগ্ৰহী আছিল। কিন্তু কেইবাবাৰো বৈঠকৰ অন্তত তেওঁ এখোজ পিছুৱাই যোৱাৰ সিদ্ধান্ত লৈছে, কিয়নো তেওঁ বহুল চিত্ৰনাট্যৰ ধাৰণাবোৰৰ সৈতে মিলিব পৰা নাছিল।”

‘অক্ষয় কুমাৰে এই কমেডী ফ্ৰেঞ্চাইজিসমূহত তেওঁৰ পৰা তেওঁৰ অনুৰাগীৰ আশাৰ বিষয়ে সচেতন। তেওঁ এই চিত্ৰনাট্যসমূহৰ মানদণ্ডৰ সৈতে আপোচ কৰিবলৈ অস্বীকাৰ কৰিছিল, কিয়নো সঠিক চিন্তা নকৰাকৈ আৰু আন অভিনেতাৰ সৈতে এই ছিকুৱেলসমূহ পুনৰ নিৰ্মাণৰ প্ৰচেষ্টা ইতিমধ্যে বিগত সময়ত বিফল হৈছে।’- বুলিও একেটা সূত্ৰই লগতে কয়।

কাৰ্তিক আৰ্য়ানৰ আগন্তুক প্ৰকল্প
কৰ্মক্ষেত্ৰত কাৰ্তিকক পৰৱৰ্তী সময়ত দেখা যাব ফ্ৰেডী ছবিত, যিখন ছবি ২ ডিচেম্বৰত ডিজনী+ হটষ্টাৰত মুক্তি পাব। ইয়াৰ উপৰিও শ্বেহজাদা, সত্যপ্ৰেম কি কথা, আশিকী ৩, কেপ্তেইন ইণ্ডিয়া আৰু কবীৰ খানৰ আনটাইটেল নেক্সট ছবিসমূহতো অভিনেতাজনক দেখা যাব।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি