নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ নতুন খেলুৱা কালী মন্দিৰ প্ৰাংগণত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা পঞ্চদশ বাৰ্ষিক কালী পূজা আৰু সভা মহোৎসৱত বৃহস্পতিবাৰে প্ৰতিকূল বতৰকো নেওচি লোকে লোকাৰণ্য হৈ পৰে।
কালী পূজা উপলক্ষে বৃহস্পতিবাৰে নিশা নাগাৰা নাম প্ৰদৰ্শন কৰা হয়। কৰিশ্মা নাথ আৰু সংগীবৃন্দই পৰিবেশন কৰা নাগাৰা নামে ৰাইজক মুগ্ধ কৰে। উল্লেখ্য যে, বিগত কেইবাদিন ধৰি সামাজিক মাধ্যমত চৰ্চিত হৈ থকা পাঠিকা কৰিশ্মা নাথৰ নাগাৰা নাম চাবলৈ বহু দূৰ-দূৰণিৰ পৰাও যথেষ্ট লোক অহা দেখা যায়।
কৰিশ্মাৰ নাগাৰা নাম পৰিবেশনৰ সময়ত জনসমূদ্ৰত পৰিণত হয় পূজাস্থলী। যিমানে বিতৰ্ক হৈ আছে সিমানেই যেন কৰিশ্মা নাথৰ জনপ্ৰিয়তা বঢ়ি গৈয়ে আছে। ৰাইজৰ অনুৰোধত কৰিশ্মাই এটাৰ পিছত আনটো নাম পৰিৱেশন কৰি গ'ল। কৰিশ্মা নাথৰ পিছতে মৰমী শইকীয়া আৰু সংগীবৃন্দই নাগাৰা নাম পৰিৱেশন কৰে।
উল্লেখ্য যে. সদৌ অসম নাগাৰা নাম সংঘই কৰিশ্মা নাথক একাষৰীয়া কৰাৰ লগতে কৰিশ্মাই নাগাৰা নাম পৰিৱেশন কৰা অনুষ্ঠানত আন শিল্পীয়ে নাগাৰা নাম পৰিৱেশন নকৰে বুলি ঘোষণা কৰাৰ পিছতে বৃহস্পতিবাৰে পশ্চিম নলবাৰীৰ নতুন খেলুৱাত কৰিশ্মা নাথৰ পিছতে একে অনুষ্ঠানত মৰমী শইকীয়াই নাগাৰা নাম পৰিৱেশন কৰে।
কৰিশ্মা আৰু মৰমীয়ে একেলগে নাগাৰা নাম পৰিৱেশন কৰা কাৰ্যই সদৌ অসম নাগাৰা নাম সংঘৰ কথা মতে শিল্পী সকল নচলে বুলি একপ্ৰকাৰ প্ৰমাণ কৰি দিলে।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 24, 2023, 14:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।