Kapil Sharma: কপিল শৰ্মা সোমাই পৰিছে আইনী মেৰপাক (Kapil Sharma in Legal Case)ত। কমেডিয়ান গৰাকীৰ বিৰুদ্ধে চুক্তি ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছে।
Kapil Sharma: কপিল শৰ্মা সোমাই পৰিছে আইনী মেৰপাক (Kapil Sharma in Legal Case)ত। কমেডিয়ান গৰাকীৰ বিৰুদ্ধে চুক্তি ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছে।
দেশৰ জনপ্ৰিয় তথা চৰ্চিত কৌতুক অভিনেতা হৈছে কপিল শৰ্মা (Kapil Sharma)। এইকেইদিন কানাডা ভ্ৰমণত আছে কপিল শৰ্মা। দেশৰ পৰা আঁতৰত থাকিলেও অনুৰাগীক মনোৰঞ্জন দিয়াৰ কোনো সুযোগ এৰি দিয়া নাই কপিলে। কপিলে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে অনুৰাগীৰ সৈতে অহৰহ সংযুক্ত হৈ আছে আৰু তেওঁৰ ছবি আৰু ভিডিঅ’সমূহ অহৰহ শ্বেয়াৰ কৰি আছে। কিন্তু, এই সকলোবোৰৰ মাজতে কপিল শৰ্মা সোমাই পৰিছে আইনী মেৰপাক (Kapil Sharma in Legal Case)ত। কমেডিয়ান গৰাকীৰ বিৰুদ্ধে চুক্তি ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছে।
কপিল শৰ্মাৰ বিৰুদ্ধে চুক্তি ভংগ (Breach of Contract)ৰ গোচৰ ৰুজু কৰা হৈছে। বিষয়টো ভাৰতৰ সৈতে জড়িত নহয়, উত্তৰ আমেৰিকাৰ সৈতে জড়িত। ETimesৰ বাতৰি অনুসৰি আমেৰিকাত শ্ব’ৰ সুপৰিচিত প্ৰমোটাৰ অমিত জেটলীয়ে জনোৱা মতে, বিষয়টো সেই ৬টা শ্ব’ৰ সৈতে জড়িত, যাৰ বাবে কপিল শৰ্মাই চুক্তিত স্বাক্ষৰ কৰিছিল আৰু ইয়াৰ বাবে তেওঁক মাননী পৰিশোধো কৰা হৈছিল।
কপিল শৰ্মাই কৰা নাছিল শ্ব’!
এই গোচৰটো ২০১৫ চনৰ আৰু উত্তৰ আমেৰিকা (North America)ৰ সৈতে জড়িত, য’ত ৬ খন চহৰত কপিল শৰ্মাৰ ৬টা শ্ব’ অনুষ্ঠিত হোৱা কথা আছিল। কিন্তু কমেডিয়ানজনে এটাও শ্ব’ কৰা নাছিল। এনে অৱস্থাত তেওঁ আয়োজকসকলৰ এই ক্ষতিৰ ক্ষতিপূৰণ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আছিল। কিন্তু, এই সন্দৰ্ভত যেতিয়া কপিলৰ সৈতে যোগাযোগ কৰা হৈছিল, তেতিয়া তেওঁৰ পক্ষৰ পৰা কোনো সঁহাৰি নাপালে। জেটলীয়ে জনোৱা মতে, বিষয়টো এতিয়াও নিউয়ৰ্ক (New York)ৰ আদালতত আছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|