কংগনা ৰানাৱট অভিনীত চলচ্চিত্ৰ ''ধাকড়''ৰ অষ্টম দিনৰ আয়ৰ যি তথ্য আহিছে, সেয়া অতি পুতৌজনক হোৱা দেখা গৈছে। কেৱল কংগনা ৰাণাৱটৰ ( Kangana Ranaut) কেৰিয়াৰেই নহয় 'ধাকড়' বলীউডৰ শ্ৰেষ্ঠ ফ্লপৰ তালিকাত প্ৰৱেশ কৰিবলৈ সাজু হৈছে।
বক্স অফিচৰ (Box Office) তথ্য অনুসৰি অষ্টম দিনটোত (২৭ মে') কথাছবিখনে ৪,৪০০ টকাৰ ব্যৱসায় কৰিছে। সমগ্ৰ দেশৰ মাত্ৰ ৫০জনতকৈও কম লোকে চিনেমাখন চাইছে। টিকট বিক্ৰী হৈছে প্ৰায় ২০টা।
কিন্তু মহিলা কেন্দ্ৰিক ছুপাৰ-হিৰো চলচ্চিত্ৰসমূহৰ ভিতৰত 'ধাকাড়' (Dhaakad) হৈছে আটাইতকৈ বেছি বাজেটৰ চলচ্চিত্ৰ। কংগনা, জন আব্ৰাহামৰ এই কথাছবিখন ১০০ কোটি ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। বক্স অফিচৰ তথ্য অনুসৰি চলচ্চিত্ৰখনে মুঠ ৩ কোটি টকাৰ ব্যৱসায় কৰিছে অষ্টম দিনটোলৈ।
'ধাকাড়'ৰ তথ্যই ভয় খুৱাইছে OTT প্লেটফৰ্মকো। কোনো অ'টিটিয়ে ছবিখন ক্ৰয় কৰিব নিবিচাৰে। আনকি কোনো ছেটেলাইট চেনেলেও। কংগনাৰ চলচ্চিত্ৰৰ এই ৰূপ দেখি নেটিজেনৰ মাজত চৰ্চা হৈছে- ''ছ'চিয়েল মিডিয়াত বেছি মন নিদি চিনেমাত দিলে কংগনাৰ ধাকড়ে ভাল ফল পালে হয়।''
কংগনাই বলীউডত বহুকেইখন ছবিত অভিনয় কৰিছিল। তেওঁ 'কৃষ ৩', 'কুইন', 'তন্নু ৱেডছ মন্নু'ৰ দৰে হিট ছবি দিছে। কিন্তু ২০১২ চনৰ পৰা তেওঁৰ বজাৰ হ্ৰাস হ'বলৈ আৰম্ভ কৰিছিল। 'ৰেঙ্গুন', 'চিমৰণ', 'মণিকৰ্ণিকা', 'জাজমেন্টল হে ক্যা', 'পাঙ্গা', 'থালাইভি'য়ে বিশেষ আশা দেখুওৱা নাছিল।
তেওঁৰ আন এখন ছবি 'তেজষ' এই বছৰ মুক্তি পোৱাৰ কথা আছে। কংগনা এই ছবিখনত মুখ্য চৰিত্ৰত আছে। কংগনাৰ এই ছবিখন বজাৰলৈ আহিলে কি হয় কব পৰা নাযায়, কিন্তু 'ধাকাড়'ৰ অৱস্থা দেখি কংগনাৰ বলীউড কেৰিয়াৰে এতিয়া এটা দীঘলীয়া প্ৰশ্ন উত্থাপন কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|