চহকী অসমলৈ বৈছে বলীউদৰ তাৰকাৰ সোঁত। বলীউদৰ তাৰকাৰে ভৰিছে অসম। এইবাৰ বলীউদৰ মোহময়ী অভিনেত্ৰী কংগনা ৰানাৱাট শ্বুটিংৰ বাবে উপস্থিত হৈছে চন্দ্ৰপুৰত।
বলীউদৰ বিশাল টীম ইউনিটেৰে ভৰিল চন্দ্ৰপুৰ। স্থানীয় লোকে ক'লে- ‘এনে দৃশ্য কেতিয়াও দেখা নাছিলো।’ শ্বুটিং চাবলৈ অহা লোকেও সুবিধা পালে অভিনয় কৰাৰ। শ্বুটিং চাবলৈ অহা লোকৰ মাজৰ পৰা বহুতকে লৈ গ'ল অভিনয় কৰিবলৈ।
এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, অসমৰ প্ৰায় ৩০০ লোক জড়িত হৈ আছে ছবিখনৰ সৈতে। আজি ছবিখনত অভিনয়ৰ বাবে দৰঙৰ পৰা আহিছে প্ৰায় ১৫০ৰো অধিক লোক। চন্দ্ৰপুৰৰ স্থানীয় লোককো দিয়া হৈছে অভিনয়ৰ সুযোগ।
কিমান দিনলৈ চন্দ্ৰপুৰত শ্বুটিং চলিব এই মুহূৰ্তলৈ নিশ্চিত হোৱা নাই যদিও আজি নিশাৰ ভাগত কংগনা ৰানাৱাট গুৱাহাটীতেই থাকিব বুলি জানিব পৰা গৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|