உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • Viral Video: কংগনা ৰাণাৱটৰ হৃদয় গলিল দিল্লীৰ এই সুন্দৰ তৰুণলৈ... সকলোৰে সন্মুখতে দিলে একাধিক চুম্বন, চাওক ভাইৰেল ভিডিঅ'

    Viral Video: কংগনা ৰাণাৱটৰ হৃদয় গলিল দিল্লীৰ এই সুন্দৰ তৰুণলৈ... সকলোৰে সন্মুখতে দিলে একাধিক চুম্বন, চাওক ভাইৰেল ভিডিঅ'

    কংগনাৰ কাৰ্য দেখি সুখী শিৱমো, সুখত তেওঁ চিঞৰি আনন্দও প্ৰকাশ কৰে।

    কংগনাৰ কাৰ্য দেখি সুখী শিৱমো, সুখত তেওঁ চিঞৰি আনন্দও প্ৰকাশ কৰে।

    কংগনাৰ কাৰ্য দেখি সুখী শিৱমো, সুখত তেওঁ চিঞৰি আনন্দও প্ৰকাশ কৰে।

    • Share this:
    বিতৰ্কিত মন্তব্যৰ বাবে বিখ্যাত কংগনা ৰাণাৱটে এইবাৰ বিৰ্তক নহয়, অন্য কাৰণত আছে চৰ্চাত। শেহতীয়াকৈ ভাইৰেল হোৱা এটা ভিডিঅ' দেখিলে বহু অনুৰাগীৰ দৰে আপুনিও অলপ আচৰিতেই হ'ব। কিয়নো কংগনাৰ ভাইৰেল হোৱা এই ভিডিঅ' অলপ বিশেষ।

    এই ভিডিঅ'টোত দেখা গৈছে এটা পাৰ্টীত অংশ লৈছে কংগনাই। আছে তেওঁৰ বন্ধু-বান্ধৱীও। হঠাতে তেওঁ হেণ্ডচাম শিৱম নামৰ যুৱকক দেখি লগে লগে চুম্বন কৰে। বিতৰ্কিত ভাবমূৰ্তিৰ বাবে সদায়ে মুডত থকা কংগনাৰ এই মৰমৰ উপহাৰে নিশ্চিতভাৱে সকলোকে আচৰিত কৰিবই পাৰে।

    ঘটনাটো আছিল এনে- শেহতীয়াকৈ কংগনা ৰাণাৱটৰ দ্বাৰা আয়োজিত লকআপ অনুষ্ঠানটোৰ এজন প্ৰতিযোগী শিৱম শৰ্মাই কংগনাৰ সৈতে ছেলফি ল'বলৈ যায়। কিন্তু কংগনাই ছেলফিয়ে নহয় তেওঁক চুম্বনো উপহাৰ দিয়ে। কংগনাৰ কাৰ্য দেখি সুখী শিৱমো, সুখত তেওঁ চিঞৰি আনন্দও প্ৰকাশ কৰে। এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ আছে।






    ভিডিঅ' দেখি এজন অনুৰাগীয়ে মন্তব্য কৰে- "ৱাও লাকী মেন''। আনজন অনুৰাগীয়ে লিখিছিল- ''ভাতৃৰ লটাৰী লাগি গৈছে।'' উল্লেখ্য যে কংগনা ৰাণাৱত (Kangana Ranaut) আজিকালি 'ধাকাড়' ছবিখনক লৈ অতি উৎসাহিত, ছলমান খানেও তেওঁক এই ছবিখনৰ বাবে অভিনন্দন জনাইছে। তেওঁৰ চলচ্চিত্ৰখন ২০ মে'ত ছবিগৃহত মুক্তি পাব।
    Published by:Gautam Barman
    First published: