
আকৌ এবাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিছে এগৰাকী অসমীয়া জীয়ৰী
আকৌ এবাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিছে এগৰাকী অসমীয়া জীয়ৰী
আকৌ এবাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিছে এগৰাকী অসমীয়া জীয়ৰী। চনী চিভিৰ জনপ্ৰিয় চিৰিয়েল বেইহধৰ অন্যতম মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পাইছে মাৰ্ঘেৰিটাৰ কংগন বৰুৱা নাঙ্গীয়াই। ২৩ বছৰীয়া কংগনে বলিউডৰ অভিনেতা অনুপম খেৰৰ ওচৰত ছয়মাহ অভিনয়ৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছিল।ইয়াৰ উপৰিও কেৰিয়াৰৰ প্ৰথমটো বিজ্ঞাপনত চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ সৈতে অভিনয় কৰিছিল কংগনে।
ডিগবৈৰ দিল্লী পাব্লিক স্কুলৰ পৰা স্কুলীয়া শেষ কৰিছিল কংগনে। ইতিমধ্যে হিন্দী ধাৰাবাহিকখনৰ ১০০ টা খণ্ডৰ বাবে চুক্তিবদ্ধ হৈছে কংগন। ইতিমধ্যে ২৭টা খণ্ডৰ চুটিং আৰু ২৩টা খণ্ড সম্প্ৰচাৰ হৈছে৷ অভিনয়ৰে লগতে ভাৰতীয় সংগীতো সাধনা কৰে কংগনে৷
View this post on Instagram
?
A post shared by Kangan Baruah Nangia (@kangannangia) on
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|