
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ভুবন বাদ্যকাৰ। বুকু আৰু পিঠিত আঘাত পাইছে ভবনে।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ভুবন বাদ্যকাৰ। বুকু আৰু পিঠিত আঘাত পাইছে ভবনে।
হাস্পতালত ভৰ্তি হ’ল ‘কাচা বাদাম’ৰ গায়ক ভুবন বাদ্যকাৰ। বৰ্তমান তেওঁ হাস্পতালত চিকিৎসাধীন। উল্লেখযোগ্য যে শেহতীয়াকৈ তেওঁ এখন ছেকেণ্ডহেণ্ড চাৰিচকীয়া গাড়ী ক্ৰয় কৰিছিল। সেই গাড়ীখন চলোৱা শিকিবলৈ গৈ দুৰ্ঘটনাত পতিত হয় ভুবন। গাড়ীখনে এখন দেৱালত খুন্দা মাৰে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ভুবন বাদ্যকাৰ। বুকু আৰু পিঠিত আঘাত পাইছে ভবনে।
উল্লেখযোগ্য বাদাম বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা ভুবন বাদ্যকাৰৰ এটা গান ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে সলনি হয় জীৱনৰ গতিপথ। তেওঁৰ গানৰ কথা আৰু কণ্ঠই ভাইৰেল কৰে তেওঁক। লাহে লাহে দাম বাঢ়িছে তেওঁৰ। বিভিন্ন স্থানত ইতিমধ্যে অনুষ্ঠান কৰাৰ সুযোগ পাইছে ভুবনে। বাদাম বিক্ৰী কৰা এৰি গানত লাগিব বুলিও তেওঁ শেহতীয়াকৈ সংবাদ মাধ্যমৰ আগত সদৰি কৰিছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|