মুখ্যপৃষ্ঠা » খবৰ

» মনোৰঞ্জন

»Selfie Le Le! অজয়ৰ জন্মদিনত ছেলফী তুলিবলৈ গৈ কি হ'ল কাজলৰ? দেখি তবধ মানিলে সকলোৱে!

Selfie Le Le! অজয়ৰ জন্মদিনত ছেলফী তুলিবলৈ গৈ কি হ'ল কাজলৰ? দেখি তবধ মানিলে সকলোৱে!

News18 Assam | News18-Assam
Updated:April 3, 2021, 1:14 PM IST
Selfie Le Le! অজয়ৰ জন্মদিনত ছেলফী তুলিবলৈ গৈ কি হ'ল কাজলৰ? দেখি তবধ মানিলে সকলোৱে!
অজয় দেৱগণৰ ৫২ সংখ্যক জন্মদিনৰ দিনা কাজলে দেখালে নিজৰ বুদ্ধিমত্তা। অভিনৱ কায়দাৰে অজয়ক জন্মদিনৰ শুভেচ্ছা জনাই অনুৰাগীক আচৰিত কৰিলে অভিনেত্ৰীগৰাকীয়ে।

অজয় দেৱগণৰ ৫২ সংখ্যক জন্মদিনৰ দিনা কাজলে দেখালে নিজৰ বুদ্ধিমত্তা। অভিনৱ কায়দাৰে অজয়ক জন্মদিনৰ শুভেচ্ছা জনাই অনুৰাগীক আচৰিত কৰিলে অভিনেত্ৰীগৰাকীয়ে।

  • Share this:
বলীউদৰ অভিনেত্ৰীগৰাকীৰ ভিতৰত বিউটি উইথ ব্ৰেইনৰ তালিকাৰ অন্যতম কাজল। এই বিষয়ে নাই কোনো বিবাদ! কিন্তু কেৱল বুদ্ধিমত্তাই নহয়, চেন্স অৱ হিউমাৰো অসাধাৰণ অভিনেত্ৰীগৰাকীৰ। অন্ততঃ নিজৰ ছচিয়েল মিডিয়া হেণ্ডলতে মাজে সময়ে নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দিয়ে কাজলে।

স্বামী অজয় দেৱগণৰ ৫২ সংখ্যক জন্মদিনৰ দিনা কাজলে দেখালে নিজৰ বুদ্ধিমত্তা। অভিনৱ কায়দাৰে অজয়ক জন্মদিনৰ শুভেচ্ছা জনাই অনুৰাগীক আচৰিত কৰিলে অভিনেত্ৰীগৰাকীয়ে। অভিনেতা-পৰিচালক স্বামীক জন্মদিনৰ শুভেচ্ছা জনাই এখন ছেলফী তোলাৰ চেষ্টা কৰিছিল কাজলে। কিন্তু কেমেৰাৰৰ ছেলফী মোড নথকাত ক্লীক হ'ল অজয় দেৱগণৰ এখন অসাধাৰণ ফটো। ফটোখনত কেমেৰাৰ কাম থকা দেখা গৈছে অজয়ক। এই ফটো শ্বেয়াৰ কৰি কাজলে লিখিছে, 'ছেলফী তোলাৰ চেষ্টা কৰা হৈছিল। তাৰ সলনি তেওঁৰেই চেলফ ফটো। লগত কেমেৰা। যিয়ে তেওঁৰ আটাইতকৈ বেছি সুখ দিয়ে।'










View this post on Instagram






A post shared by Kajol Devgan (@kajol)






কাজল আৰু অজয় ১৯৯৯ চনত বিবাহ পাশত আবদ্ধ হৈছিল। বৰ্তমান দুয়ো বলীউদৰ অন্যতম সুখী দম্পত্তি। দুয়ো একেলগে ইশক, প্যাৰ তো হোনা হি থা, তানাজী আদিৰ দৰে ছবিত অভিনয় কৰিছে।




অজয়ৰ জন্মদিনৰ দিনা কাজলৰ ভগ্নী তানিশা মুখাৰ্জীয়েও শুভেচ্ছা জনায়।



সেইদৰে অক্ষয় কুমাৰেও ব্যতিক্ৰমী ষ্টাইলেৰে জন্মদিনৰ শুভেচ্ছা জনাই অজয়ক।
Published by: Himangshu Bhuyan
First published: April 3, 2021, 1:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি