৫০ বছৰীয়া সাধাৰণ ব্যক্তিজনে আনকি সৌৰভ গাংগুলীয়ে সঞ্চালনা কৰা আটাইতকৈ জনপ্ৰিয় দূৰদৰ্শন ৰিয়েলিটি শ্ব'তো উপস্থিত হৈছিল।
৫০ বছৰীয়া সাধাৰণ ব্যক্তিজনে আনকি সৌৰভ গাংগুলীয়ে সঞ্চালনা কৰা আটাইতকৈ জনপ্ৰিয় দূৰদৰ্শন ৰিয়েলিটি শ্ব'তো উপস্থিত হৈছিল।
মাত্ৰ ৩ মাহ আগলৈ বাদাম বিক্ৰী কৰি থকা পশ্চিম বংগৰ ভাইৰেল গায়ক ভুৱন বাদ্যকাৰৰ জীৱন ৰথ এতিয়া ধাৱমান হৈছে আন এখন জগতলৈ। তেওঁৰ মোনাত এতিয়া কেঁচা বাদাম নাই, আছে কেঁচা বাদামৰ গান। বীৰভূমৰ (Birbhum) এখন দূৰৱৰ্তী গাঁৱত চীনা বাদাম বিক্ৰী কৰাৰ পৰা কলকাতাৰ নাইট ক্লাবত লাইভ প্ৰদৰ্শন কৰালৈকে এই যাত্ৰা আছিল ভুবনৰ বাবে সপোনৰো অগোচৰ।
শুকুৰবাৰে নিশা কলকাতাৰ এটা অভিজাত নাইট ক্লাবত (Kolkata nightclub) দৰ্শকক সম্বোধন কৰি ভুবনে কয়, "আজি আপোনালোক সকলোৰে সৈতে ইয়াত উপস্থিত হৈ মই অত্যন্ত সুখী।" জিলিকি থকা জেকেট পিন্ধি ভুবনে (Bhuban Badyakar) তেওঁৰ ভাইৰেল গান কাঁচা বাদাম গান গাই দৰ্শকসকলক আপ্লুত কৰে।
চিনাবাদাম বিক্ৰীৰ পৰা পোৱা তেওঁৰ সামান্য উপাৰ্জনেৰে চলাই আছিল দহজনীয়া পৰিয়াল। এই সংগ্ৰামক অন্য দিশ দিয়ে তেওঁৰ বাদামেই, ভাইৰেল গান ৰূপে। যোৱা সপ্তাহত, এটা সংগীত কোম্পানীয়ে তেওঁৰ সৈতে চুক্তি কৰি ৰয়েলটি হিচাপে প্ৰাথমিক অৱস্থাত ১.৫ লাখ টকাৰ চেক প্ৰদান কৰে।
ভাইৰেল মানে কি নজনা ভুবনে কয়- "আপোনালোকে মোক ইমান মৰম দিছে, মোৰ ওচৰত প্ৰকাশ কৰিবলৈ শব্দ নাই।"
৫০ বছৰীয়া সাধাৰণ ব্যক্তিজনে আনকি সৌৰভ গাংগুলীয়ে সঞ্চালনা কৰা বেংগলৰ আটাইতকৈ জনপ্ৰিয় দূৰদৰ্শন ৰিয়েলিটি শ্ব'তো উপস্থিত হৈছিল। বিপুল জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছত ভুবন বৈদ্যকাৰে সাংবাদিকক জনায় যে তেওঁ এতিয়া আৰু বাদাম (Kacha Badam) বিক্ৰী নকৰে। তেওঁ গানটো ভাইৰেল হোৱাৰ পিছত বাদাম বিক্ৰী কৰিবলৈ গৈছিল যদিও সকলোৱে বাদাম কিনাৰ সলনি তেওঁৰ সৈতে ফটো উঠা তথা গান গোৱাৰ অনুৰোধ কৰিছিল। ইয়াৰ পিছত নতুন খ্যাতিৰ বিষয়ে গম পোৱাত চিনাবাদাম বিক্ৰী কৰিবলৈ বাহিৰলৈ যোৱা বন্ধ কৰে। তেওঁ কয়- "মোৰ চুবুৰীয়াসকলে মোক বাহিৰলৈ নাযাবলৈ কৈছিল, নহ'লে কোনোবাই মোক অপহৰণ কৰিব পাৰে।"
ভুবনে কয় যে যেতিয়া তেওঁৰ পুত্ৰই তেওঁক প্ৰতিদিনে ইণ্টাৰনেটত তেওঁৰ গানৰ নতুন সংস্কৰণৰ বিষয়ে কয়, তেওঁ গৌৰৱ অনুভৱ কৰে।
তেন্তে ভুৱন বাদ্যকাৰৰ বাবে পৰৱৰ্তী জীৱন কেনে হ'ব? এইটো প্ৰশ্ন সকলোৰে মনলৈ আহে।
এই বিষয়ে সোধোঁতে ভুবনে কয়- "মই আপোনালোকৰ মাজৰ এজন হ'ব বিচাৰো, মই এজন গায়ক হৈ থাকিব বিচাৰোঁ। মই এতিয়া এজন চেলিব্ৰিটি (celebrity) হৈ পৰিছোঁ। যদি মই এজন চেলিব্ৰেটি হিচাপে চীনাবাদাম বিক্ৰী কৰিবলৈ ওলাই যাওঁ, মই অপমানৰ সন্মুখীন হ'ব লাগিব।"
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|