মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »সাংবাদিকক দুৰ্ব্যৱহাৰ, কংগনা ৰানাৱটৰ সকলো কাৰ্যসূচী বৰ্জন কৰিব সাংবাদিকে

সাংবাদিকক দুৰ্ব্যৱহাৰ, কংগনা ৰানাৱটৰ সকলো কাৰ্যসূচী বৰ্জন কৰিব সাংবাদিকে

৭ জুলাইত ‘জাজমেণ্টেল হ্যে ক্যা’ ছবিখনৰ গীত মুকলি অনুষ্ঠানত সাংবাদিক জাষ্টিন ৰাওৰ এক প্ৰশ্নৰ উত্তৰ দিয়াৰ সলনি অভিনেত্ৰী কংগনাই তেওঁৰ ওপৰত ওলোটাই অভিযোগ উত্থাপন কৰিছিল।

  • Share this:
    বলীউদৰ অভিনেত্ৰী কংগনা ৰানাৱটে এক সংবাদমেলত এজন সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ সলনি তেওঁৰ ওপৰত ওলোটাই অভিযোগ উত্থাপন কৰিছিল। সাংবাদিকগৰাকীয়ে কংগনাৰ বিৰুদ্ধে বেয়াকৈ লিখাৰ অভিযোগ উত্থাপন কৰিছিল অভিনেত্ৰীগৰাকীয়ে। ইয়াকে লৈ অভিনেত্ৰীগৰাকীয়ে সাংবাদিকজনক অভব্য আচৰণ কৰিছিল। এই ঘটনাৰ পিছত কংগনাই ক্ষমাও বিচৰা নাছিল। সেয়েহে এতিয়া এণ্টাৰটেইনমেণ্ট জাৰ্নেলিষ্ট গীল্ড অব ইণ্ডিয়াই অভিনেত্ৰীগৰাকীক বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে।

    ৭ জুলাইত ‘জাজমেণ্টেল হ্যে ক্যা’ ছবিখনৰ গীত মুকলি অনুষ্ঠানত সাংবাদিক জাষ্টিন ৰাওৰ এক প্ৰশ্নৰ উত্তৰ দিয়াৰ সলনি অভিনেত্ৰী কংগনাই তেওঁৰ ওপৰত ওলোটাই অভিযোগ উত্থাপন কৰিছিল। কংগনাৰ এই আচৰণৰ পিছত এতিয়া এণ্টাৰটেইনমেণ্ট জাৰ্নেলিষ্ট গীল্ড অৱ ইণ্ডিয়াই অভিনেত্ৰীগৰাকীক বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

    এণ্টাৰটেইনমেণ্ট জাৰ্নেলিষ্ট গীল্ড অৱ ইণ্ডিয়াৰ মতে, কংগনাৰ আহিবলগীয়া সকলো ছবি আৰু কাৰ্যসূচী বৰ্জন কৰিব। মঙলবাৰে গীল্ডকৰ এক বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। সাংবাদিকসকলে এই সিদ্ধান্তৰ কথা ছবিখনৰ প্ৰযোজক একতা কাপুৰক অৱগত কৰিছে।

    সাংবাদিকৰ আগত একতা কাপুৰে কয় যে যিগৰাকী সাংবাদিকৰ সৈতে এই ঘটনা ঘটিছে, ইয়াৰ বাবে তেওঁ নিজে লিখিতভাৱে ক্ষমা বিচাৰিবলৈ প্ৰস্তুত আছে। কিন্তু সাংবাদিকে এই ঘটনাৰ কংগনা ৰানাৱটৰ ফালৰ পৰা ক্ষমা পত্ৰ দাবী কৰিছে। ইফালে, কংগনাৰ ভগ্নী ৰংগোলীয়ে কয় যে কংগনাই কোনো কাৰণতে ক্ষমা নোখোজে।

    শেহতীয়া বাতৰি