পুনৰ দৰ্শকৰ মাজলৈ আহিব ‘জোনবাই’ (Jonbai)। কেইবাবছৰৰো মূৰত পুনৰ নিৰ্মাণ কৰা হ’ব। ‘জোনবাই’। জনপ্ৰিয় শিল্পী মানস ৰবীনে মঙলবাৰে নিশা শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত সংগীতানুষ্ঠানৰ মাজতে কৰিলে এই ঘোষণা।
মানস ৰবীনে কয়, জুন-জুলাই মাহত শিৱসাগৰত শ্বুটিং আৰম্ভ হ’ব আৰু ডিচেম্বৰত অসমবাসীয়ে নতুন ৰূপত ‘জোনবাই’ চাবলৈ পাব।
উল্লেখযোগ্য যে যে মঙলবাৰে নিশা শিৱসাগৰ বৰ্ডিং খেলপথাৰত প্ৰতিভা সন্ধানী প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়াত শিল্পী মানস ৰবীনে এটাৰ পিছত এটাকৈ পৰিৱেশন কৰিলে জনপ্ৰিয় গীত। গীত পৰিৱেশনৰ মাজতে মানস ৰবীনে ‘জোনবাই’ৰ শ্বুটিং আৰম্ভ কৰা হ'ব বুলি ঘোষণা কৰাত দৰ্শকে উছাহ প্ৰকাশ কৰা পৰিলক্ষিত হয়।
লক্ষ্যণীয় যে ২০০৩-০৪ চনত প্ৰথম ‘জোনবাই’ ভিচিডি মুক্তি দিছিল। মুক্তিৰ লগে লগেই ছুপাৰহিট হৈছিল ‘জোনবাই’। ‘জোনবাই’ৰ যোগেদিয়েই পৰিচয় হৈছিল বহুকেইগৰাকী অভিনেতা–অভিনেত্ৰীৰ।
কেইবাটাও খণ্ড মুক্তি দিয়াৰ পিছত এক দশকৰো অধিক কাল নতুন ‘জোনবাই’ নিৰ্মাণ কৰা নাছিল। বৰ্তমান পুনৰ ‘জোনবাই’ নিৰ্মাণৰ যো-জা চলোৱা বুলি মানস ৰবীনে ঘোষণা কৰা খবৰে স্বাভাবিকতে দৰ্শকক উৎফুল্লিত কৰিব বুলি আশা কৰা হৈছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 01, 2023, 10:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।