• Home
  • »
  • News
  • »
  • entertainment
  • »
  • পুনৰ ভ্ৰাম্যমাণত আহিব যতীন বৰা! "মই ভ্ৰাম্যমাণ থিয়েটাৰত আহিম, কোন থিয়েটাৰত আহিম সেইটো লাহে লাহে জনাম; বৰ্তমান 'ৰাঘৱ' চিনেমখনক লৈ ব্যস্ত আছো"- যতীন বৰা

পুনৰ ভ্ৰাম্যমাণত আহিব যতীন বৰা! "মই ভ্ৰাম্যমাণ থিয়েটাৰত আহিম, কোন থিয়েটাৰত আহিম সেইটো লাহে লাহে জনাম; বৰ্তমান 'ৰাঘৱ' চিনেমখনক লৈ ব্যস্ত আছো"- যতীন বৰা

জনপ্ৰিয় অভিনেতা যতীন বৰাই কয় যে ''মই ভ্ৰাম্যমাণ থিয়েটাৰত আহিম, কোন থিয়েটাৰত আহিম সেইটো লাহে লাহে জনাম।

জনপ্ৰিয় অভিনেতা যতীন বৰাই কয় যে ''মই ভ্ৰাম্যমাণ থিয়েটাৰত আহিম, কোন থিয়েটাৰত আহিম সেইটো লাহে লাহে জনাম।

ভ্ৰাম্যমাণ থিয়েটাৰৰ পুনৰ আৰম্ভণিৰ এই শুভক্ষণত অভিনেতা-অভিনেত্ৰী, পৰিচালক-প্ৰযোজকৰ উৎসাহ দেখি ভাল লাগিছে বুলিও মন্তব্য কৰে জনপ্ৰিয় অভিনেতাজনে। 

  • Share this:
আজি নলবাৰীত বৰদৈচিলা থিয়েটাৰৰ নাট্যৰম্ভ মুকলি কৰি জনপ্ৰিয় অভিনেতা যতীন বৰাই কয় যে ''মই ভ্ৰাম্যমাণ থিয়েটাৰত আহিম, কোন থিয়েটাৰত আহিম সেইটো লাহে লাহে জনাম। বৰ্তমান মই 'ৰাঘৱ' চিনেমাখনক লৈ ব্যস্ত হৈ আছো। অক্টোবৰৰ পৰা চিনেমাখনৰ শ্বুটিং আৰম্ভ কৰা হ'ব। জুবিন গাৰ্গৰ সৈতে সংগীতৰ বিষয়ে কথা পাতি আছো।"

অসমত ভ্ৰাম্যমাণৰ ভাল দিন ওভতি অহা বুলি প্ৰকাশ কৰি যতীন বৰাই কয় যে, "এতিয়া দৰ্শকে হিলদল ভাঙি নাটক চাবলৈ আহিছে। এইটো শুভ লক্ষণ।"

ভ্ৰাম্যমাণৰ টিকটৰ মূল্যবৃদ্ধি সংক্ৰান্তত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত যতীন বৰাই কয় যে, "মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই বিষয়ে অৱগত কৰিলে নিশ্চয় ব্যৱস্থা ল'ব। ইতিমধ্যে ক'ভিড লকডাউনৰ সময়ছোৱাৰ তেখেতে প্ৰতিখন থিয়েটাৰকে আৰ্থিক সাহাৰ্য আগবঢ়াইছিল। তদুপৰি, তেওঁ সেইসময়ত শিল্পীসকলক এককালীন সাহাৰ্যও প্ৰদান কৰিছিল।"

ভ্ৰাম্যমাণ থিয়েটাৰৰ পুনৰ আৰম্ভণিৰ এই শুভক্ষণত অভিনেতা-অভিনেত্ৰী, পৰিচালক-প্ৰযোজকৰ উৎসাহ দেখি ভাল লাগিছে বুলিও মন্তব্য কৰে জনপ্ৰিয় অভিনেতাজনে।

অসমীয়া চলচ্চিত্ৰৰ বাবে চিত্ৰগৃহৰ অভাৱ সম্পৰ্কে সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত যতীন বৰাই কয় যে ভাল বিষয়বস্তুৰে ভাল চলচ্চিত্ৰ নিৰ্মাণ হ'লে নিশ্চয় দৰ্শকে চাবলৈ আহিব।

ক'ভিডৰ সময়ছোৱাত দুটা বছৰে মণ্ডাৱস্থা চলি থকা অসমীয়া চলচ্চিত্ৰ তথা ভ্ৰাম্যমাণৰ দৰে থলুৱা উদ্যোগটো পুনৰ্জীৱিত হোৱাৰ এই সময়ছোৱাত সকলোকে দেহেকেহে চেষ্টা কৰিবলৈ আহ্বান জনাই যতীন বৰাই।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি