বলীউডত বিয়াৰ জোৱাৰ উঠিছিল, কিন্তু ইয়াৰ জিলিকনি এতিয়াও শেষ হোৱা নাই। কেটৰিনা কাইফ-বিকি কৌশল, আলিয়া ভাট-ৰণবীৰ কাপুৰ আদি বহুকেইগৰাকী চেলিব্ৰিটীৰ বিয়াৰ পিছত এতিয়া অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰায়ো (Malaika Arora and Arjun Kapoor) মন মেলিছে বিয়ালৈ।
বলীউড লাইফৰ এক প্ৰতিবেদন (Bollywood Life report) অনুসৰি, তেওঁলোকে ২০২২ চনৰ নৱেম্বৰ বা ডিচেম্বৰত বিবাহ পাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লৈছে। প্ৰতিবেদনখনত কোৱা হৈছে যে অৰ্জুন আৰু মালাইকা ইজনে সিজনৰ প্ৰেমত মচগুল, দুয়োৱে হৃদয়ৰ গভীৰৰ পৰা গঢ় দিয়া ভালপোৱাক আন এটা সম্পৰ্কলৈ আগুৱাই নিব বিচাৰে।
তেওঁলোকে মুম্বাইত শীতকালীন বিবাহ (wedding) কৰিব পাৰে। মালাইকা আৰু অৰ্জুন দুয়োৱে শীতকাল ভাল পায়, সেয়েহে তেওঁলোকে নৱেম্বৰ বা ডিচেম্বৰত বিবাহ পাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লৈছে। দুয়োজনে তেওঁলোকৰ বিয়াখন সৰলভাৱে পাতিব পাৰে। কেৱল পৰিয়াল আৰু বন্ধুবৰ্গক বিয়ালৈ নিমন্ত্ৰণ কৰিব। বিয়াখনত মালাইকাৰ বিশেষ বন্ধু হ'ব পৰিয়ালৰ সদস্যসকলৰ উপৰি কৰীণা আৰু কৰিশ্মা।
উল্লেখ্য যে জানুৱাৰীত দুয়োৰে মাজত বিচ্ছেদৰ উৰাবাতৰি ওলাইছিল। কোৱা হৈছিল যে ৪ বছৰৰ পিছত দুয়োৰে মাজৰ সম্পৰ্ক ভাঙি গৈছে। পিছত সেয়া মিছা বুলি প্ৰকাশ পাইছিল। তেওঁলোকৰ ফটো ছ'চিয়েল মিডিয়াত একেলগে শ্বেয়াৰ কৰি ইয়াৰ সত্যতা নুই কৰিছিল।
এই সম্পৰ্ক এতিয়া বিবাহলৈ গতি কৰিছে বুলি বলীউড লাইফে দাবী কৰে। কিন্তু এইখিনিতে বিবাহক লৈ চলি থকা চৰ্চাক লৈ অৰ্জুন কাপুৰে প্ৰকাশ কৰে এই কথা।
![]()
মালাইকা অৰোৰা আৰু অৰ্জুন কাপুৰে বছৰ বছৰ ধৰি ডেটিং কৰাৰ পিছত তেওঁলোকৰ সম্পৰ্ক ৰাজহুৱা কৰিছিল৷ মালাইকা অৰ্জুনতকৈ ১২ বছৰ ডাঙৰ, সেয়েহে তেওঁ সদায় ট্ৰ'ল হৈ আহিছে। মানুহে কৈছিল যে এই সম্পৰ্ক ভাঙি যাব, কিন্তু সময়ৰ লগে লগে দুয়োৰে মাজৰ সম্পৰ্ক শক্তিশালী হৈ উঠিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|