IPL ২০২২ত কলকাতা নাইট ৰাইডাৰ্ছে শুকুৰবাৰে পঞ্জাৱ কিংছক ছয় উইকেটত পৰাস্ত কৰে। এই খেলখনত কেকেআৰৰ আন্দ্ৰে ৰাছেলে বিস্ফোৰক ইনিংছ খেলে। অৱশ্যে খেলৰ সময়ত ৰাছেলৰ ছয়তকৈও অধিক শ্বাহৰুখ খানৰ কন্যা সুহানা খান আৰু বলীউদৰ অভিনেত্ৰী অনন্যা পাণ্ডেকলৈহে সৰ্বাধিক চৰ্চা চলে। কেমেৰাত বন্দী হয় সুহানা আৰু অনন্যাৰ বহু আকৰ্ষণীয় ফটো।
খেলখনৰ সময়ত, অনন্যা পাণ্ডে, শ্বাহৰুখৰ জীয়ৰী সুহানা খান আৰু পুত্ৰ আৰিয়ান খানক কেকেআৰ দলক উৎসাহিত কৰা দেখা গৈছিল। পঞ্জাৱৰ উইকেট পতনৰ লগতে কেকেআৰৰ খেলুৱৈয়ে ছয়, চাৰি কোৱালেই আনন্দত আত্মহাৰা হৈ পৰিছিল তিনিও ষ্টাৰ কিড।
সুহানা আৰু অনন্যাই মেচ আৰম্ভ হোৱাৰ পূৰ্বেই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল আকৰ্ষমীয় ফটো। যি ফটোও এতিয়া ভাইৰেল ছচিয়েল মিডিয়াত।
উল্লেখ্য যে, টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰাৰ পিছত, পাঞ্জাবে ১৩৭ ৰাণত ইনিংছ সামৰে। ইয়াৰ প্ৰত্যুত্তৰত কলকাতাই ১৪.৩ অভাৰত লক্ষ্যত উপনীত হয়। আন্দ্ৰে ৰাছেলে দুটা চাৰি আৰু আঠটা ছয়ৰ সহায়ত ৩১ টা বলত ৭০ ৰাণৰ অপৰাজিত ইনিংছ খেলে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : April 03, 2022, 14:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|