১৬ ছেপ্টেম্বৰৰ পৰা ভাৰতত Apple iPhone 14 আৰু iPhone 14 Pro ৰ বিক্ৰী আৰম্ভ হৈছে। কিন্তু কেৰেলাৰ এইজন ব্যক্তিয়ে ভাৰতত বিক্ৰী কৰাৰ পূৰ্বেই নতুন iPhone 14 Pro ক্ৰয় কৰিবলৈ ডুবাইলৈ যাত্ৰা কৰিছে। কোচিৰ এইজন ব্যৱসায়ী ধীৰাজ পল্লিয়েলে iPhone 14 Pro ৰ প্ৰতি থকা উন্মাদনা দেখুৱাইছিল যেতিয়া তেওঁ ভাৰতত বিক্ৰীৰ মাত্ৰ এদিন আগতে ডুবাইলৈ গৈছিল! কেৱল এয়াই নহয়, তেওঁ শেহতীয়া iPhone Pro ক্ৰয় কৰিবলৈও দীঘলীয়া শাৰীত অপেক্ষা কৰিছিল। অৱশেষত তেওঁ ডুবাইৰ মিৰ্ডিফ চহৰৰ মাজমজিয়াত থকা প্ৰিমিয়াম ৰিটেলাৰৰ পৰা এটা ক্ৰয় কৰি লৈ যায়। এইদৰে তেওঁ iPhone 14 Pro ৰ প্ৰথম নহ’লেও প্ৰথম ভাৰতীয় ক্ৰেতাসকলৰ ভিতৰত অন্যতম হৈ পৰিছিল।
আশ্চৰ্যজনক কথাটো হ’ল, পল্লিয়েলে অস্বাভাৱিক কাম কৰাটো এইবাৰ প্ৰথম নহয়! টাইমছ অফ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, বিক্ৰীৰ প্ৰথম দিনাই পল্লিয়েলে ডুবাইলৈ যোৱাটো ক্ৰমাগতভাৱে চতুৰ্থবাৰৰ বাবে আইফোনৰ নতুন সংস্কৰণ ক্ৰয় কৰিবলৈ সক্ষম হৈছে। তেওঁ প্ৰকাশ কৰে যে তেওঁ ডুবাইলৈ উৰা মাৰি নতুন iPhone 14 Pro লাভ কৰিবলৈ টিকট বুকিং আৰু ভিজা মাচুলত প্ৰায় ৪০ হাজাৰ টকা খৰচ কৰিছিল। তেওঁ ৫১২ জিবি ষ্ট’ৰেজ ভেৰিয়েণ্ট পাইছিল যাৰ দাম প্ৰায় ১২৯০০০ টকা।
প্ৰথমবাৰৰ বাবে ২০১৭ চনত iPhone 8 ল’বলৈ ডুবাইলৈ গৈছিল পল্লিয়ালে। ইয়াৰ পিছত তেওঁ একে কাম কৰি iPhone Pro 11 Max, iPhone 12 আৰু iPhone 13 ক্ৰয় কৰে। iPhone 14 Pro হৈছে চলিত বৰ্ষৰ আটাইতকৈ হাইলাইট স্মাৰ্টফোন। চিপ, ডিজাইন, পৰিৱেশন আৰু বৈশিষ্ট্যসমূহত ডাঙৰ উন্নীতকৰণ। ডুবাইত যেতিয়া iPhone 12 আৰু iPhone 13 ৰ বিক্ৰী আৰম্ভ হৈছিল তেতিয়া মই প্ৰথম গ্ৰাহক আছিলোঁ।’- ধীৰাজে Times of India ক জনায়।
Published by: Subham Goswami
FIRST PUBLISHED : September 19, 2022, 15:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।