• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Ibrahim Ali Khan and Palak Tiwari: মুখ লুকুৱাইছিল পলক তিৱাৰীয়ে, বিব্ৰত হৈছিল ইব্ৰাহিম আলী খান, একেখন গাড়ীতে পলক-ইব্ৰাহীমৰ ভিডিঅ' ভাইৰেল

Ibrahim Ali Khan and Palak Tiwari: মুখ লুকুৱাইছিল পলক তিৱাৰীয়ে, বিব্ৰত হৈছিল ইব্ৰাহিম আলী খান, একেখন গাড়ীতে পলক-ইব্ৰাহীমৰ ভিডিঅ' ভাইৰেল

palak tiwari and ibrahim ali khan

palak tiwari and ibrahim ali khan

Ibrahim Ali Khan and Palak Tiwari: মুখ লুকুৱাইছিল পলক তিৱাৰীয়ে, বিব্ৰত হৈছিল ইব্ৰাহিম আলী খান, একেখন গাড়ীতে পলক-ইব্ৰাহীমৰ ভিডিঅ' ভাইৰেল

  • Share this:
শেহতীয়াকৈ মুম্বাইৰ এখন ৰেষ্টুৰেণ্টৰ বাহিৰত একেলগে দেখা পোৱাৰ পিছত ছেইফ আলী খান (Saif Ali Khan)ৰ পুত্ৰ ইব্ৰাহিম আলী খান (Ibrahim Ali Khan) আৰু শ্বেতা তিৱাৰী (Shweta Tiwari)ৰ জীয়ৰী পলক তিৱাৰী (Palak Tiwari)য়ে ছচিয়েল মিডিয়াৰ দুনীয়াত আলোড়ন তুলি আছে। এইবাৰেই প্ৰথমবাৰৰ বাবে পলক আৰু ইব্ৰাহিমক একেলগে দেখা গৈছিল। যদিও দুয়োজনে পৃথকে পৃথকে ৰেষ্টুৰেণ্টৰ পৰা ওলাই যোৱাৰ সিদ্ধান্ত লৈছিল, পলকক পিছত ইব্ৰাহিমৰ সৈতে একেখন গাড়ীত বহি থকা সময়ত নিজৰ মুখ লুকুৱাই থকা অৱস্থাত দেখা গৈছিল। তেতিয়াৰ পৰা দুয়োজনৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। নেটিজেনসকলে ভাবে যে দুয়োজনে (Palak Tiwari Ibrahim Ali Khan dating) ডেটিং কৰিছে নেকি।

অৱশ্যে BollywoodLifeৰ এটা নতুন বাতৰি কয় যে দুয়োজনক ৰাজহুৱাকৈ একেলগে দেখাৰ  পিছৰে পৰা দুয়োজনে ইজনে সিজনৰ সৈতে যোগাযোগ কৰা নাই। এটা সূত্ৰই পৰ্টেলটোক জনাইছে যে দুয়োজনে দূৰত্ব বজাই ৰখাৰ সিদ্ধান্ত লৈছে। "পলকে যিদৰে তাইৰ মুখ লুকুৱাই আছিল সেই কথাটোত ইব্ৰাহিমে ভাৰ পোৱা নাছিল, বৰঞ্চ ই তেওঁক বিব্রত কৰি তুলিছিল। এইটো ৰাজহুৱা স্থানত তেওঁলোকৰ প্ৰথম সাক্ষাৎ আছিল আৰু পলকে যিদৰে প্ৰতিক্ৰিয়া কৰিছিল সেয়া অতি শিশুসুলভ আছিল। অৱশ্যে, ভিডিঅ'টো ভাইৰেল হোৱাৰ লগে লগে পলকেও নিজকে দেখি অলপ লাজ পাইছিল। আৰু তেওঁলোকৰ ভাইৰেল স্পটিঙৰ পিছত পলক আৰু ইব্ৰাহিমে (Palak and Ibrahim) ইজনে সিজনৰ সৈতে যোগাযোগ কৰা নাই। কিন্তু তেওঁলোক কেৱল বন্ধু আছিল আৰু ইজনে সিজনক কেৱল পছন্দ কৰে বুলি কৈ ইয়াতেই সকলো শেষ হৈছে বুলি কোৱাটোও অতি খৰতকীয়া হ'ব। কিন্তু অতি বৰ্তমান তেওঁলোকে দূৰত্ব বজাই ৰাখিছে," সূত্ৰটোৱে দাবী কৰে।



হাৰ্ডি সান্ধুৰ সংগীত ভিডিঅ' বিজলী বিজলী (Bijlee Bijlee)ৰ পিছত পলক তিৱাৰী (Palak Tiwari) ৰাতিটোৰ ভিতৰতে বলীউডৰ এক নতুন চাঞ্চল্য  হৈ পৰিছিল। পলকে তেওঁৰ প্ৰথম ছবি ৰোজি দ্য চেফ্ৰন চেপ্টাৰৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছে যিখন এক ভৌতিক-থ্ৰিলাৰ বুলি গণ্য কৰা হয়। চলচ্চিত্ৰখন গুৰুগ্ৰামৰ এটা বিপিঅ' কোম্পানীৰ কৰ্মচাৰী ৰোজি নামৰ এগৰাকী মহিলাৰ হঠাৎ নিৰুদ্দেশ হোৱাৰ বাস্তৱ জীৱনৰ কাহিনীৰ ওপৰত আধাৰিত।

আনহাতে, ইব্ৰাহিমে বৰ্তমান কৰণ জোহৰ (Karan Johar)ক তেওঁৰ আহিবলগীয়া পৰিচালনা 'ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী' (Rocky Aur Rani Ki Prem Kahani)ত সহায় কৰি আছে। ইব্ৰাহিম হৈছে ছইফ আলী খান আৰু তেওঁৰ প্ৰথম পত্নী অমৃতা সিঙ (Amrita Singh)ৰ সন্তান।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি