অতিমাত্ৰা ভিৰৰ বাবে মঙলবাৰে নজৰুল মঞ্চত উশাহ বন্ধ হৈ যোৱা পৰিস্থিতিৰ সৃষ্টি হৈছিল নেকি? বিভিন্ন সূত্ৰৰ পৰা এই অভিযোগ আহিছে। ছচিয়েল মিডিয়াতো বিভিন্নজনে এই সম্পৰ্কে মতামত ব্যক্ত কৰিছে। সেই অভিযোগ স্বীকাৰ কৰিলে নজৰুল মঞ্চৰ চোৱাচিতাৰ দায়িত্বত থকা কেএমডিএৰ কৰ্মচাৰীয়ে।
অভিযোগ উঠিছে, মঙলবাৰে নজৰুল মঞ্চত ইমানেই ভিৰ হৈছিল যে এচি চলি থকা সত্ত্বেও প্ৰেক্ষাগৃহৰ সকলো দুৱাৰ খুলি দিয়া হৈছিল। আনকি, অনুষ্ঠান চাবলৈ গৈ প্ৰচণ্ড ভিৰৰ বাবে গৰমত অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হয় দৰ্শকসকলো।
মঙলবাৰে গুৰুদাস কলেজৰ এক অনুষ্ঠানত নজৰুল মঞ্চলৈ আহিছিল কেকে। অভিযোগ, নজৰুল মঞ্চত আঢ়ৈ হাজাৰ দৰ্শকৰ আসন থাকিলেও ভিৰ হৈছিল তাৰ দুগুণৰ বেছি। নজৰুল মঞ্চৰ চোৱাচিতাৰ দায়িত্বত থকা কেএমডিএৰ কৰ্মীয়ে জনাইছে, নজৰুল মঞ্চত মুঠ ২৪৮২খন আসন আছে। কিন্তু ভিৰ হৈছিল দুগুণৰো বেছি। কৰ্মীজনে জনাইছে যে ভিৰ ইমানেই বেছি আছিল যে বাধ্য হৈ সকলো দুৱাৰ খুলি দিবলৈ বাধ্য হয়। অধিক ভিৰ হোৱা বাবে এচিয়ে কাম কৰা নাছিল বুলিও জনায় কৰ্মীজনে।
কৰ্মীজনে জনায় যে মঙলবাৰে অনুষ্ঠান চলি থকা সময়ত দৰ্শকে আসন এৰি বহুতেই মঞ্চৰ ওচৰলৈ আহে। আনকি মঞ্চৰ দুয়োকাষেও ভিৰ কৰে বহু লোকে। মাজে মাজে বিশ্ৰাম ল’বলৈ মঞ্চৰ পিছফালে থকা নিৰ্দিষ্ট ঘৰলৈও গৈছিল কেকে। কেকেৰ অনুৰাগীৰ বহুতৰে অভিযোগ, এইধৰণৰ অস্বস্তিকৰ পৰিৱেশত গীত পৰিৱেশন কৰিবলৈ গৈয়ে অসুস্থ অনুভৱ কৰিছিল কেকেই। ডাঙৰ কোনো ষ্টেডিয়াম বা মুকলি ঠাইত অনুষ্ঠান হ’লে হয়তো এই পৰিস্থিতিৰ সৃষ্টি নহ’লহেঁতেন।
আৰক্ষীয়ে সকলো দিশ পৰ্যবেক্ষণ কৰি তদন্ত অব্যাহত ৰাখিছে। লগতে কেকেই ধৰ্মতলাৰ যিখন হোটেলত আছিল, তাৰ চিচিটিভি ফুটেজো চাব আৰক্ষীয়ে। কাৰণ অনুষ্ঠান শেষ কৰি উক্ত হোটেলখনলৈ গৈছিল কেকে। তাতেই অধিক অসুস্থ হৈ পৰে তেওঁ। হোটেলৰ কৰ্মচাৰীৰ সৈতে কথা পাতি বিভিন্ন তথ্য জনাৰ চেষ্টা কৰিছে আৰক্ষীয়ে। আজিয়ে মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|