অসমলৈ আগমন ঘটিছে এজনৰ পিছত আনজন বলিউড তাৰকাৰ। কিছুদিন পূৰ্বে কংগনা ৰাণাৱটে ছবিৰ কাম সামৰি ওভতি যোৱাৰ পিছতে এইবাৰ অসমলৈ আহিছে বলিউডৰ জনপ্ৰিয় অভিনেতা হৃত্বিক ৰোশন। আগন্তুক এখন নতুন বলিউড ছবিৰ চিত্ৰগ্ৰহণৰ বাবে অসমলৈ আহিছে অভিনেতাগৰাকী।
উল্লেখযোগ্য যে, হৃত্বিক ৰোশনে আগন্তুক ছবি 'ফাইটাৰ'ত সহ-অভিনেত্ৰী দীপিকা পাডুকনৰ সৈতে ৰূপালী পৰ্দাত দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু হৈছে। সিদ্ধাৰ্থ আনন্দে পৰিচালনা কৰা ছবিখন তেওঁলোকৰ প্ৰথমখন যৌথ প্ৰচেষ্টাৰ ছবি হিচাপে পৰিগণিত হ’ব। হৃত্বিক আৰু দীপিকা পাডুকনৰ যুটিক একেলগে ৰূপালী পৰ্দাত চাবলৈ দৰ্শকে অধীৰ আগ্ৰহেৰে বাট চাই আছে। ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰে অনুৰাগীক আকৰ্ষিত কৰাৰ পিছতেই সোমবাৰে হৃত্বিক ৰোশন এখন ব্যক্তিগত বিমানত উঠি অসমলৈ ৰাওনা হয় এৰিয়েল একচন থ্ৰিলাৰ ছবিখনৰ শ্বুটিং আৰম্ভ কৰিবলৈ।
![]()
ফাইটাৰ শ্বুট প্ৰডাকচন হাউছৰ অফিচিয়েল হেণ্ডেলটোৱে ইনষ্টাগ্ৰামত হৃত্বিক আৰু পৰিচালক সিদ্ধাৰ্থ আনন্দৰ এখন ছবি শ্বেয়াৰ কৰে। ছবিখনত অভিনেতা-পৰিচালক যুটিটোৱে এখন ব্যক্তিগত বিমানৰ কাষত থিয় হৈ ছবিৰ বাবে পোজ দিয়া দেখা গৈছে। তেওঁলোকে ছবিখনৰ কেপচনত লিখিছে, “আৰু ই আৰম্ভ হয়...#ফাইটাৰ।” এবাৰ চাওকচোনঃ
ছবিখন দেখি অনুৰাগীসকল অত্যন্ত আনন্দিত হৈ পৰিছে। উত্তেজনা প্ৰকাশ কৰি এজন অনুৰাগীয়ে লিখিছে, "ফাইটাৰ উইল ৰক।" আন এজন অনুৰাগীয়ে মন্তব্য কৰিছিল, "চ' মাচ্চ এক্সাইটেড ফৰ #ফাইটাৰ।"
অসমত 'ফাইটাৰ' ছবিখনৰ চিত্ৰগ্ৰহণৰ সবিশেষঃ
মিড-ডেৰ তথ্য অনুসৰি ১০ দিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত থাকিব দলটো। চিত্ৰগ্ৰহণৰ বাবে নিৰ্বাচিত হোৱা স্থানত অৰ্থাৎ অসমৰ তেজপুৰৰ বায়ুসেনা ঘাটীত অভিনেত্ৰী দীপিকা পাডুকন আৰু অনিল কাপুৰে আহি পোনে পোনে তেওঁলোকক যোগদান কৰিব।
জানিব পৰা অনুসৰি, অসমলৈ অহাৰ পূৰ্বে হৃত্বিকে নিজৰ প্ৰশিক্ষকৰ সৈতে নিজৰ ভূমিকাটোৰ বাবে তীব্ৰভাৱে প্ৰস্তুতি চলাইছিল। প্ৰতিবেদনত লগতে কোৱা হৈছে যে তেওঁলোকে নৱেম্বৰৰ শেষৰ ফালে প্ৰথম সূচীখন সামৰিব। কিন্তু 'পাঠান' ছবিখন মুক্তিৰ বাবে সাজু হোৱাৰ বাবে ২০২৩ চনলৈকে তেওঁলোকে পুনৰ চিত্ৰগ্ৰহণ আৰম্ভ নকৰে। শ্বাহৰুখ খানৰ সৈতে ছবিখনৰ প্ৰচাৰত ব্যস্ত থাকিব দীপিকা আৰু সিদ্ধাৰ্থ। 'পাঠান' ছবিগৃহত মুক্তি পালে তেওঁলোক পুনৰ 'ফাইটাৰ' ছবিখনৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰিব।
ফাইটাৰ মুক্তিৰ তাৰিখঃ
ইয়াৰ পূৰ্বে ২০২৩ চনত ছবিখন ছবিগৃহত মুক্তি পোৱাৰ কথা আছিল। কিন্তু শেহতীয়াকৈ নিৰ্মাতাসকলে মুক্তিৰ পৰিকল্পনা সলনি কৰি নতুন তাৰিখ ঘোষণা কৰে। এতিয়া ২০২৪ চনৰ ২৫ জানুৱাৰীত মুক্তি পাব এই 'ফাইটাৰ' ছবিখন।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|