গুডফেলাছৰ (Goodfellas) তাৰকা ৰে লিওটাৰ (Ray Liotta) মৃত্যু হৈছে। ৬৭ বছৰ বয়সত তেওঁ বিশ্বক বিদায় জনায়। কেৱল হলিউডৰ তাৰকাসকলেই নহয় অনুৰাগীসকলেও তেওঁৰ মৃত্যুৰ বাতৰিটোত হতবাক হৈ পৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, তেওঁ ডমিনিকান গণৰাজ্যত শেষ নিশ্বাস ত্যাগ কৰিছে (Ray Liotta dies in Dominican Republic)। ৰে লিওতাই 'গুডফেলাছ' চলচ্চিত্ৰত ডকাইত 'হেনৰী হিল'ৰ চৰিত্ৰত অভিনয় কৰিছিল, যিয়ে তেওঁক যথেষ্ট নাম আৰু খ্যাতি প্ৰদান কৰিছিল। ইয়াৰ লগতে, তেওঁ 'ফিল্ড অফ ড্ৰিম'ৰ বাবেও জনাজাত।
ৰে লিওটাৰ আকস্মিক মৃত্যুত বহুতো তাৰকাৰ দ্বাৰা শোক প্ৰকাশ কৰা হৈছে আৰু সামাজিক মাধ্যমত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ডমিনিকান গণৰাজ্যত ৰে লিওটাৰ মৃত্যু হয়। তেওঁৰ সহকৰ্মী জেনিফাৰ এলেনে কৈছে যে লিওতাই ডেঞ্জাৰছ ৱাটাৰ্ছ চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ কৰি আছিল। এই সময়ছোৱাত, তেওঁ টোপনিত মৃত্যুবৰণ কৰিছিল, যদিও কেনেকৈ তেওঁৰ মৃত্যু হৈছিল সেয়া এতিয়াও প্ৰকাশ কৰা হোৱা নাই।
![]()
জছ ব্ৰোলিনে ইনষ্টাগ্ৰামত অভিনেতাজনৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছিল, "মোৰ বন্ধু। ইমান সোনকালে, কেনেকৈ? কিয়? মোৰ তোমালৈ মনত পৰিব। মই প্ৰায়ে গোল্ডছত দেখা, পৰৱৰ্তী সময়ত কি কৰিব লাগে সেই বিষয়ে কথা পতা, একেলগে কিবা কেনেদৰে বিচাৰিব লাগে সেই বিষয়ে কথা পতা এই সকলোবো ভাবিম। কাম সদায় ইমান ভালকৈ কৰা আৰু সদায় বাকী লোকতকৈ পৃথক... হয়, মই তোমাক মিছ কৰিম বন্ধু। যেতিয়ালৈকে আমি পুনৰ লগ নাপাওঁ।"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|