মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »ৰাণুৰ প্ৰশংসাত গদগদ হৈ লতা মংগেশকাৰৰ মন্তব্যৰ প্ৰত্যুত্তৰ হিমেশ ৰেশামিয়াৰ

ৰাণুৰ প্ৰশংসাত গদগদ হৈ লতা মংগেশকাৰৰ মন্তব্যৰ প্ৰত্যুত্তৰ হিমেশ ৰেশামিয়াৰ

লতা মংগেশকাৰে শেহতীয়াকৈ তেওঁৰ গীত গাই লাইমলাইটলৈ অহা ৰাণু মণ্ডলক নকল নকৰিবলৈ পৰামৰ্শ দিছিল। 

লতা মংগেশকাৰে শেহতীয়াকৈ তেওঁৰ গীত গাই লাইমলাইটলৈ অহা ৰাণু মণ্ডলক নকল নকৰিবলৈ পৰামৰ্শ দিছিল। 

  • News18
  • Last Updated :
  • Share this:
    ৰাণু মণ্ডলক লৈ অতিশয় আৱেগিক হৈ পৰিছে হিমেশ ৰেশামিয়া। কোনোবাই তেওঁক অকণমানো বেয়াকৈ কোৱাটো সহ্য কৰিব নোৱাৰে তেওঁ! ৰেলৱে ষ্টেশ্যনত গীত গাই ইণ্টাৰনেটত ভাইৰলে হৈ পৰা ৰাণুক তুলি আনি চিনেমাত গান গাবলৈ দিছিল হিমেশ ৰেশামিয়াই। ইতিমধ্যে হিমেশে ৰাণুৰ সৈতে দ্বৈত কণ্ঠৰ ‘তেৰি মেৰি কাহানী’ শীৰ্ষক গীতটি ৰিলিজ দিছে। এই গীতটো মুকলি কৰা অনুষ্ঠানত সংবাদমাধ্যমৰ আগত মুকলিকৈ কথা ক’লে হিমেশে। এটা প্ৰশ্নত তেওঁ লতা মংগেশকাৰে ৰাণুক লৈ কৰা টিপ্পনীৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

    লতা মংগেশকাৰে ৰাণু মণ্ডলক নিজৰ কিবা এটা লৈ আগবাঢ়ি যোৱাৰ পৰামৰ্শ দিছিল। লতা মংগেশকাৰৰ এই মন্তব্যক লৈ ৰাইজে তুমুল সমালোচনা কৰা দেখা গৈছিল। এই কথাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হিমেশে কয়,

    মানুহে লতা মংগেশকাৰৰ দৃষ্টিভংগীক ভুলকৈ বুজিছে। এজন কলাকাৰৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ যে তেওঁ কাৰ পৰা প্ৰেৰণা ল’ব?


    এয়া চাব লাগিব যে তেওঁ কি প্ৰেক্ষাপটত এই কথা কৈছে। মই অনুভৱ কৰো যে কোনো গায়ক বা গায়িকাৰ নকল কৰাটো কাম নহয়। কিন্তু মই লগতে এই কথাও অনুভৱ কৰো যে কাৰোবাৰ পৰা প্ৰেৰণ লোৱাটো অতি জৰুৰী।


    যেতিয়া মই নাকেৰে গান গাইছিলো

    তেওঁ কয় যে,
    কুমাৰ চানুৱে সদায় কৈছিল যে তেওঁ কিশোৰ কুমাৰৰ পৰা প্ৰেৰণা লাভ কৰিছিল। আমি কাৰোবাৰ নহয় কাৰোবাৰ পৰা অনুপ্ৰাণিত হওঁ। যেতিয়া মই গান গাবলৈ লৈছিলো তেতিয়া মোক সমালোচনা কৰা হৈছিল আৰু কোৱা হৈছিল যে মই নাকেৰে গান গাও কিন্তু এতিয়া এয়া আন্তঃৰাষ্ট্ৰীয় ট্ৰেণ্ড হৈ পৰিছে।




    ৰাণুৱে কপি নাই কৰা

    হিমেশে কয় যে, মই স্বীকাৰ কৰো যে ৰাণুৱে জন্মতে লৈ অহা প্ৰতিভা লতাজীৰ পৰা অনুপ্ৰাণিত। মই এই কথা একবাৰে নামানো যে কোনোবাই লতাজীৰ দৰে লিজেণ্ড হ’ব পাৰে , তেওঁ শ্ৰেষ্ঠ হয়। ৰাণুৱে এই এতিয়া নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছে। মানুহে লতাজীৰ মন্তব্য ভুলকৈ বুজিছে। তেওঁ ৰাণুক পৰামৰ্শ দিছিল যে অনুপ্ৰাণিত হোৱাটো ভাল কিন্তু নকল কৰিব নালাগে আৰু মই নাভাবো যে ৰাণুৱে কাৰোবাৰ কণ্ঠক নকল কৰিছে।

    উল্লেখযোগ্য যে ৰাণু মণ্ডলে হিমেশ ৰেশামিয়াৰ ছবি ‘হেপি হাৰ্ডি আৰু হীৰ’ৰ জৰিয়তে বলিউডত প্লে বেক কণ্ঠশিল্পী হিচাপে আত্মপ্ৰকাশ কৰিছে। এই ছবিখনত তেওঁ হিমেশৰ সৈতে তিনিটা গান ৰেকৰ্ড কৰিছে।

    শেহতীয়া বাতৰি