মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Miss Universe from India: ভাৰতৰ তিনি সুন্দৰীয়ে জয় কৰিছে বিশ্ব, কি প্ৰশ্নৰ উত্তৰ দিছিল লাৰা, সুস্মিতা আৰু হৰনাজে, চাওক বিশেষ মুহূৰ্তৰ ভিডিঅ'

Miss Universe from India: ভাৰতৰ তিনি সুন্দৰীয়ে জয় কৰিছে বিশ্ব, কি প্ৰশ্নৰ উত্তৰ দিছিল লাৰা, সুস্মিতা আৰু হৰনাজে, চাওক বিশেষ মুহূৰ্তৰ ভিডিঅ'

হৰনাজ সান্ধু, লাৰা দত্ত, সুস্মিতা সেন

হৰনাজ সান্ধু, লাৰা দত্ত, সুস্মিতা সেন

Harnaaz Sandhu, Lara Dutta, Sushmita Sen : হৰনাজ সান্ধু, সুস্মিতা সেন আৰু লাৰা দত্তই ক্ৰমান্বয়ে 2021, 1994 আৰু 2000 চনত মিছ ইউনিভাৰ্ছ হিচাপে তেওঁলোকৰ নাম লিপিবদ্ধ কৰিছিল। তেওঁলোকে নিজৰ সৌন্দৰ্য, বুদ্ধি আৰু প্ৰজ্ঞাৰে বিশ্বৰ হৃদয় জয় কৰিছিল। সৌন্দৰ্য প্ৰতিযোগিতাত দেশলৈ সুনাম কঢ়িয়াই অনা ভাৰতীয় সুন্দৰীসকলৰ চূড়ান্ত উত্তৰ আৰু মুকুট পিন্ধোৱা সেই বিশেষ মুহূৰ্তবোৰ চাওক।

  • Share this:
"Shine like the whole Universe is yours."  এনেদৰেই লিখা আছে ২০২১ৰ বিশ্ব সুন্দৰী হৰনাজ সান্ধু (Harnaaz Sandhu)ৰ টুইটাৰ বায়'ত আৰু কাৰ্যত হৰনাজে তাকেই কৰি দেখুৱালে। আজি সমগ্ৰ বিশ্বতে জিলিকি উঠিছে হৰনাজ সান্ধু। বিশ্বৰ ৭০সংখ্যক বিশ্ব সুন্দৰী (70th Miss Universe)ৰূপে স্বীকৃতি লাভ কৰি সেই বাক্যশাৰীক সাৰ্থক কৰি তুলিছে। ৭৯খন দেশৰ প্ৰতিযোগীক পৰাজিত কৰি হৰননাজে ২১ বছৰৰ মূৰকত ভাৰতলৈ এই সন্মান জয় কৰি আনিলে।

হৰনাজ সান্ধু (Miss Universe Harnaaz Sandhu) হৈছে বিশ্ব সুন্দৰীৰ খিতাপ জয় কৰা তৃতীয়গৰাকী ভাৰতীয় যুৱতী। ইয়াৰ পূৰ্বে প্ৰথমগৰাকী ভাৰতীয় হিচাপে ১৯৯৪ চনত সুস্মিতা সেনে (Sushmita Sen) আৰু ২০০০ চনত লাৰা দত্ত (Lara Dutta)ই মিছ ইউনিভাৰ্ছৰ মুকুট জয় কৰিছিল। পিছে চেহেৰাৰ সৌন্দৰ্যতকৈ জ্ঞান-বুদ্ধি আৰু নিজৰ প্ৰজ্ঞাহে হৈছে এই শ্ৰেষ্ঠ মুকুট পৰিধান কৰাৰ যোগ্যতা। বিশ্ব সুন্দৰীৰ প্ৰতিযোগিতাত সোধা প্ৰশ্নৰ উত্তৰ শ্ৰেষ্ঠৰূপত দিব পৰাজনকেই বিজয়ী ঘোষণা কৰা হয়। হৰনাজ সান্ধু, লাৰা দত্ত আৰু সুস্মিতা সেনেও এনে প্ৰশ্নৰ উত্তৰ দিয়েই হৈছিল মিছ ইউনিভাৰ্ছ। জানোঁ আহক কোনো কি প্ৰশ্নৰ কি উত্তৰ দিছিল আৰু চাওও তেঁলোকৰ সেই সুন্দৰতম মুহূৰ্তবোৰ।

হৰনাজ সান্ধুৰ চুড়ান্ত উত্তৰ আৰু মুকুট পিন্ধা মুহূৰ্ত

প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ডত হৰনাজ সান্ধুক অন্তিম প্ৰশ্নৰ ৰূপত সোধা হৈছিল- আজিৰ দিনত যুৱতী মহিলাসকলে সন্মুখীন হোৱা চাপৰ মুখামুখি হ'বলৈ তেওঁ কি পৰামৰ্শ দিব?

এইটোও পঢ়ক : Miss Universe 2021 : আপুনিও হ'ব পাৰে বিশ্ব সুন্দৰী! কেনেকৈ কৰিব লাগে আবেদন আৰু ইয়াৰ বাছনি প্ৰক্ৰিয়া কি, জানক A টু Z তথ্য

হৰনাজে ইয়াৰ উত্তৰ দিছিল এনেদৰে-"আজিৰ যুৱক-যুৱতীসকলৰ আটাইতকৈ ডাঙৰ চাপটো হৈছে নিজৰ ওপৰত বিশ্বাস ৰখাটো, এইটো জনা যে আপুনি নিজে একক আৰু অনন্য আৰু সেইবাবেই আপুনি সুন্দৰো। নিজকে আনৰ সৈতে তুলনা কৰা বন্ধ কৰক আৰু বিশ্বজুৰি ঘটি থকা অধিক গুৰুত্বপূৰ্ণ বিষয়ে ভাবিব লাগিব। এইটো আপুনি বুজিব লাগিব। বাহিৰলৈ ওলাই আহক, নিজৰ বাবে কওঁক কাৰণ আপোনাৰ জীৱনৰ গৰাকী আপুনিয়েই আৰু সেয়ে আপুনিয়েই আপোনাৰ নিজৰ কণ্ঠস্বৰ হওক। মই নিজকে বিশ্বাস কৰিছিলোঁ আৰু সেইকাৰণে মই আজি ইয়াত থিয় হৈ আছোঁ." হৰনাজৰ এই উত্তৰ শুনাৰ পিছতে হাতচাপৰিৰ গৰ্জনত প্ৰেক্ষাগৃহ কঁপি উঠিছিল।



সুস্মিতা সেনৰ অন্তিম উত্তৰ আৰু মুকুট পিন্ধোৱা মুহূৰ্ত

সুস্মিতা সেন আছিল প্ৰথম ভাৰতীয় মহিলা (First Miss Universe From India Sushmita Sen) যি ১৯৯৪ চনত ফিলিপাইনছত এক জাকজমকীয়া অনুষ্ঠানত মিছ ইউনিভাৰ্ছৰ মুকুট (Miss Universe Crown) পিন্ধিছিল। অন্তিম ৰাউণ্ডত, সুস্মিতাক সোধা হৈছিল, "আপোনাৰ বাবে এগৰাকী মহিলা হোৱাৰ সাৰাংশ কি?" সুস্মিতাই  এইদৰে উত্তৰ দিছিল, "কেৱল এগৰাকী মহিলা হোৱাটোৱেই ঈশ্বৰৰ এক উপহাৰ যাক আমি সকলোৱেই প্ৰশংসা কৰা উচিত। শিশু এটিৰ মূল হৈছে এগৰাকী মাতৃ, যি এগৰাকী মহিলা। তেওঁ এজন পুৰুষক দেখুৱায় যে যত্ন, ভাগ-বতৰা আৰু মৰম কৰা (caring, sharing and loving) আচলতে কি। এগৰাকী মহিলা হোৱাৰ এইটোৱেই মূল কথা।"

এইটোও পঢ়ক : Sameera Reddy B’day Spl : বলীউডত গ্লেমাৰাছ অৱতাৰেৰে হৃদয় জয় কৰিছিল সমীৰাই, কিন্তু বিবাহৰ পিছত চলচ্চিত্ৰৰ পৰা আঁতৰি গ'ল ...



লাৰা দত্তৰ অন্তিম উত্তৰ আৰু মুকুট পিন্ধোৱা মুহূৰ্ত

লাৰা দত্ত (Lara DUtta)ই ২০০০ চনত মিছ ইউনিভাৰ্ছ খিতাপ জিকিছিল। তেওঁ দ্বিতীয় ভাৰতীয় আছিল যি সেই আকাংক্ষিত খিতাপ জয় কৰিছিল। অন্তিম প্ৰশ্ন-উত্তৰ ৰাউণ্ডৰ সময়ত, লাৰাক সোধা হৈছিল, "এই মুহূৰ্তত, ইয়াৰ ঠিক বাহিৰত মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাক মহিলাৰ প্ৰতি অসন্মানজনক বুলি অভিহিত কৰি এক প্ৰতিবাদ চলি আছে। তেওঁলোকক বুজাওক যে তেওঁলোক ভুল।"

লাৰা দত্তৰ সেই বিশ্বজয়ী উত্তৰটো আছিল এইটো : "মই ভাবোঁ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ দৰে প্ৰতিযোগিতাবোৰে আমাক যুৱতীসকলক আমি বিচৰা ক্ষেত্ৰত আগবাঢ়ি যাবলৈ আৰু আগুৱাই যাবলৈ এক মঞ্চ প্ৰদান কৰে, সেয়া উদ্যোগী হওঁক, সশস্ত্ৰ শক্তি হওঁক, ৰাজনীতি হওঁক। ই আমাক আমাৰ পছন্দ আৰু মতামত ব্যক্ত কৰিবলৈ এক মঞ্চ প্ৰদান কৰে আৰু আমাক শক্তিশালী, স্বতন্ত্ৰ কৰি তোলে যে আমি আজি আছোঁ।"



হৰনাজ, লাৰা আৰু সুস্মিতাৰ এই গৌৰৱোজ্জ্বল মুহূৰ্তবোৰে ভাৰতবাসীক আজি গৌৰৱান্বিত কৰি তুলিছে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি