মুখ্যপৃষ্ঠা » খবৰ

» মনোৰঞ্জন

»আজি মোহময়ী অভিনেত্ৰী ৰাকুল প্ৰীত সিঙৰ ওপজা দিন, শিশু অৱস্থাৰে পৰা ছবিৰ নায়িকা হোৱাৰ হেঁপাহ আছিল ৰাকুলপ্ৰীতৰ

আজি মোহময়ী অভিনেত্ৰী ৰাকুল প্ৰীত সিঙৰ ওপজা দিন, শিশু অৱস্থাৰে পৰা ছবিৰ নায়িকা হোৱাৰ হেঁপাহ আছিল ৰাকুলপ্ৰীতৰ

News18 Assam | News18-Assam
Updated:October 10, 2021, 2:11 PM IST
আজি মোহময়ী অভিনেত্ৰী ৰাকুল প্ৰীত সিঙৰ ওপজা দিন, শিশু অৱস্থাৰে পৰা ছবিৰ নায়িকা হোৱাৰ হেঁপাহ আছিল ৰাকুলপ্ৰীতৰ
মডেলিঙেৰে জীৱনৰ আৰম্ভণি কৰা ৰাকুলপ্ৰীত সিং ২০১১ চনত ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ পঞ্চম স্থানতে সন্তুষ্ট থাকিব লগা হৈছিল।

মডেলিঙেৰে জীৱনৰ আৰম্ভণি কৰা ৰাকুলপ্ৰীত সিং ২০১১ চনত ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ পঞ্চম স্থানতে সন্তুষ্ট থাকিব লগা হৈছিল।

  • Share this:
আজি বলীউদৰ মোহময়ী অভিনেত্ৰী ৰাকুল প্ৰীত সিঙৰ ওপজা দিন। ১৯৯০ চনৰ ১০ অক্টোবৰত দিল্লীত জন্মলাভ কৰা ৰাকুলপ্ৰীত সিঙে আজি ৩১ বছৰ বয়সত ভৰি দিলে। মডেলিঙেৰে জীৱনৰ আৰম্ভণি কৰা ৰাকুলপ্ৰীত সিং ২০১১ চনত ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ পঞ্চম স্থানতে সন্তুষ্ট থাকিব লগা হৈছিল। কিন্তু ৰাকুলপ্ৰীতৰ সৌন্দৰ্য্য চকুত পৰিছিল বলীউদৰ বহু ছবি পৰিচালকৰ।

য়াৰিয়াৰ জৰিয়তে বলিউডত আত্মপ্ৰকাশ:

২০১১চনত ফেমিনা মিছ ইণ্ডিয়াত পঞ্চম স্থান দখল কৰা ৰাকুলপ্ৰীতে ‘য়াৰিয়া’ নামৰ প্ৰথম ছবিখনতে লাভ কৰিছিল সফলতা। ইয়াৰ পিছতে ছিমলা মিৰ্চ, আয়াৰী আদিৰ দৰে বহু সফল ছবি দৰ্শকক উপহাৰ দিছে এই গৰাকী অভিনেত্ৰীয়ে। দক্ষিণ ভাৰতীয় ছবিজগতৰো এগৰাকী সফল অভিনেত্ৰী ৰাকুল প্ৰীত সিং। দক্ষিণৰ বহু ছুপাৰহিট ছবিৰ নায়িকা হৈ পৰিছে ৰাকুল প্ৰীত সিং।

কাৰাটেৰ ব্লু বেল্ট ৰাকুল প্ৰীত ভাল ক্ৰীড়াবীদো:

স্কুলীয়া জীৱনত কাৰাটেত ব্লু বেল্ট লাভ কৰা ৰাকুলপ্ৰীত সিং ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ'ল্ফ খেলুৱৈ। ৰাকুলপ্ৰীতে ভাল ছবি অঁকাৰ লগতে স্কুলীয়া জীৱনৰ পৰাই লন টেনিছতো পাৰদৰ্শিতা দেখুৱাইছিল।
Published by: Sanjay Kumar Das
First published: October 10, 2021, 2:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি