உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • Happy Birthday Sushmita: কেৱল সৌন্দৰ্যই নহয় সুস্মিতা সেন ফিটনেছৰ কাৰণেও চৰ্চিত, জন্মদিনত জানক তেওঁৰ Fitness Mantra

    Happy Birthday Sushmita: কেৱল সৌন্দৰ্যই নহয় সুস্মিতা সেন ফিটনেছৰ কাৰণেও চৰ্চিত, জন্মদিনত জানক তেওঁৰ Fitness Mantra

    Birthday Special, Sushmita Sen's Fitness Mantra: আজি প্ৰাক্তন মিচ ইউনিভাৰ্চ সুস্মিতা সেনৰ (Miss Universe Sushmita Sen) ওপজা দিন। অভিনেত্ৰীগৰাকী নিজৰ ব্যক্তিত্ব, সৌন্দৰ্য আৰু ফিটনেছৰ কাৰণে যথেষ্ট চৰ্চিত। তেওঁ শাৰীৰিক ফিটনেছৰ লগতে মানসিক ফিটনেছৰো (Mental Health) যথেষ্ট ধ্যান ৰাখে। সুস্মিতাই নিয়মীয়াকৈ ব্যায়াম (Regular exercise), যোগ (Yoga) আৰু মেডিটেচন (Meditation) কৰে। তেওঁ নাচিও ভাল পায়। ইয়াৰ বাহিৰে সুস্মিতাই শিৱ মন্ত্ৰও অতি মনোযোগেৰে শুনে।

    • Share this:
    Sushmita Sen Birthday Special, Fitness Mantra: প্ৰাক্তন মিচ ইউনিভাৰ্চ সুস্মিতা সেনৰ জন্ম (Miss Universe Sushmita Sen) ১৯ নৱেম্বৰ, ১৯৭৫ ত হায়দৰাবাদত (Hyderabad) হৈছিল। আজি তেওঁৰ জন্মদিন। অনুৰাগীৰ মাজত ‘সুচ’ নামেৰে জনপ্ৰিয় সুস্মিতা নিজৰ সৌন্দৰ্যৰ লগতে কথা–বতৰা আৰু ব্যক্তিত্বক লৈও চৰ্চিত। নতুন প্ৰজন্মৰ মাজতো তেওঁ নিজৰ হাঁহি, সৌন্দৰ্য, ফিটনেছক লৈ জনপ্ৰিয়। সুস্মিতাৰ অনুৰাগীসকলে জানে যে সুস্মিতাই আচলতে নিজৰ ফিটনেছক লৈ কিমান সজাগ (Fitnees freak)। এই বয়সতো তেওঁ এগৰাকী কম বয়সীয়া অভিনেত্ৰীতকৈ কোনো গুণে কম নহয়।

    ENTERTAINMENT NEWS IN ASSAMESE

    উল্লেখ্য যে, অভিনেত্ৰীগৰাকীয়ে নিজৰ শাৰীৰিক সুস্বাস্থ্যৰ লগতে নিজৰ মেণ্টেল হেলথক লৈও যথেষ্ট সজাগ। নিজৰ হেলথ–ফিটনেছৰ সম্বন্ধীয় ভিডিও তেওঁ প্ৰায়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰি থাকে। আজি সুস্মিতা সেনৰ (Sushmita’s Birthday) জন্মদিন উপলক্ষ্যে জানো আহক তেওঁৰ ‘ফিটনেছ মন্ত্ৰ’ (Fitness Mantra)।

    বিভিন্ন ব্যায়ামৰ লগতে সুস্মিতাই নিয়মীয়াকৈ সাঁতোৰৰ অনুশীলন কৰে। সাঁতোৰৰ ফলত কেলৰী বাৰ্ন হৈ ওজন সন্তুলিত হৈ থাকে।

    মেডিচিন বল প্লেংক (Medicine Ball Plank)

    শৰীৰৰ সন্তুলন ৰাখিবলৈ এই ব্যায়ামো যথেষ্ট উপযোগী। চাওক কেনেকৈ তেওঁ এই ব্যায়াম কৰে।

    শীৰ্ষাসন (Shirshasan) কৰাতো গুৰুত্ব দিয়ে সুস্মিতাই। ইয়াৰ ফলত তেজৰ চলাচল ভাল হৈ শৰীৰ মজবুত হৈ থাকে। বাৰ্থডে গাৰ্লে এই ব্যায়াম কৰাত গুৰুত্ব দিয়ে।

    পুচআপ (Pushup)
    এই ব্যায়ামৰ ফলত সম্পূৰ্ণ শৰীৰটো ফিট থাকে। হাতৰ মাংসপেশী সুঠাম হৈ থাকে। লগতে শক্তিশালী হৈ পৰে। সুস্মিতা সেনৰ ফিটনেছৰ (Miss Universe Sushmita Sen) এয়া ৰহস্য(Fitness secret) চাওক ভিডিওঃ

    ইয়াৰ ওপৰিউ তেওঁ নৃত্য কৰি শৰীৰ–মন ভালে ৰাখে।

    সুস্মিতা সেনে জিম, মেডিটেচন আৰু নিয়মীয়া ব্যায়াম–যোগ কৰাৰ লগতে সঠিক মাত্ৰাত পুষ্টিও গ্ৰহণ কৰে। ভালকৈ পানী খোৱাৰ লগতে পৰ্যাপ্ত টোপনি তেওঁৰ ফিটনেছৰ কাৰণ। ইয়াৰ বাহিৰেও তেওঁ ‘শিৱ মন্ত্ৰ’ বা ‘ৰিদম অৱ শিৱ’ বহুত মনোযোগেৰে শুনে। তেওঁ ইয়াৰ তালে তালে বৰষুণত নাচি এটা ভিডিও ছচিয়েল মিডিয়াত দিছিল।
    First published: