শক্তিপীঠ কামাখ্যাত কামৰূপী নাৰায়ণী শীৰ্ষক গীতৰ দৃশ্যগ্ৰহণ। মা কামাখ্যাক মূল আধাৰ হিচাপে লৈ প্ৰস্তুত কৰা হৈছে গীতটি। গীতৰ কথা গুনগুন কাশ্যপৰ, সুৰ আৰু কণ্ঠদান তৰালী শৰ্মাৰ।
শক্তিপীঠ কামাখ্যাত কামৰূপী নাৰায়ণী শীৰ্ষক গীতৰ দৃশ্যগ্ৰহণ। মা কামাখ্যাক মূল আধাৰ হিচাপে লৈ প্ৰস্তুত কৰা হৈছে গীতটি। গীতৰ কথা গুনগুন কাশ্যপৰ, সুৰ আৰু কণ্ঠদান তৰালী শৰ্মাৰ।
সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক সুখবৰ। মা কামাখ্যাক মূল আধাৰ হিচাপে লৈ প্ৰস্তুত কৰি থকা হৈছে এটি হিন্দী গীত। গুনগুন প্ৰডাকছনৰ বেনাৰত ইতিমধ্যে আৰম্ভ হৈছে 'কামৰূপী নাৰায়ণী' শীৰ্ষক এটি গীতৰ দৃশ্যগ্ৰহণ।
গুনগুন কাশ্যপৰ দ্বাৰা ৰচনা কৰা এই গীতটিত সুৰ আৰু কন্ঠদান কৰিছে জনপ্ৰিয় গায়িকা তৰালী শৰ্মাই। উল্লেখ্য যে, বিগত ২০১৭ চনৰ পৰাই মা কামাখ্যাৰ ওপৰত এটি গীত নিৰ্মাণৰ পৰিকল্পনা কৰিছিল গুনগুন কাশ্যপে। তেতিয়াৰে পৰা এই গীতটি লিখাৰ কামত মনোনিৱেশ কৰাৰ লগতে লিখি সম্পূৰ্ণ কৰাৰ পাছতেই জনপ্ৰিয় গায়িকা তৰালী শৰ্মাৰ সুৰ তথা কন্ঠৰে ৰেকৰ্ডিং কৰা হয়। তাৰেই পৰিপ্ৰেক্ষিততেই সোমবাৰে নীলাচলৰ বুকুত অৱস্থিত শক্তিপীঠ কামাখ্যাত গীতটিৰ প্ৰথমটো দৃশ্যগ্ৰহণ আৰম্ভ কৰা হয়। দৃশ্যগ্ৰহণৰ প্ৰাকক্ষণত সকলো কলা-কুশলীয়ে দেৱী কামাখ্যালৈ পূজা অৰ্চনা আগবঢ়াই আশীৰ্বাদ গ্ৰহণ কৰে। মন কৰিবলগীয়া কথা যে, গীতিকাৰ গুনগুন কাশ্যপে নিজেই এই গীতটিত অভিনয় কৰাৰ বিপৰীতে কৰিঅ'গ্ৰাফী কৌশিক কুমাৰ সন্দিকৈৰ। কামৰূপী নাৰায়ণী গীতটি দেৱী কামাখ্যাৰ ওপৰত আধাৰিত হোৱাৰ লগতে গীতটিত আন বহু গুৰুত্বপূৰ্ণ বাৰ্তা আছে বুলি তেওঁলোকে জানিবলৈ দিছে। গীতটিত দৰ্শকসকলে এক নতুনত্ব লাভ কৰিব বুলি উল্লেখ কৰাৰ লগতে দীপাৱলীৰ পূৰ্বে ৰাইজৰ বাবে গীতটি মুকলি কৰাৰ পৰিকল্পনা গুনগুন প্ৰডাকছনৰ। শক্তিপীঠ কামাখ্যাৰ লগতে আন কেইবাটাও স্থানত গীতটিৰ দৃশ্যগ্ৰহণ হ'ব বুলি জানিব পৰা গৈছে। দেৱী কামাখ্যাৰ ওপৰত আধাৰিত এই গীতটি মুকলি কৰাৰ পাছতেই অসমৰ ৰাইজে গুনগুন প্ৰডাকছনৰ লগতে গুনগুন কাশ্যপৰ ইউটিউব চেনেলত উপলব্ধ হ'ব বুলি তেখেতে জনাইছে। হিন্দী ভাষাত মুক্তি পাবলগীয়া এই গীতটিয়ে ৰাষ্ট্ৰীয় পৰ্যায়তো যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|