মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »এফডিচিআইৰ সহযোগত আয়োজিত লেকমী ফেশ্বন উইকত নিজৰ সৃষ্টিশীলতা প্ৰদৰ্শনৰ বাবে সাজু গুৱাহাটীৰ ডিজাইনাৰৰ দল

এফডিচিআইৰ সহযোগত আয়োজিত লেকমী ফেশ্বন উইকত নিজৰ সৃষ্টিশীলতা প্ৰদৰ্শনৰ বাবে সাজু গুৱাহাটীৰ ডিজাইনাৰৰ দল

ফেশ্বন ডিজাইন আৰু আভ্যন্তৰীণ সজ্জা ডিজাইন উভয়ৰে নিৰ্বাচিত ডিজাইনৰ প্ৰস্তাৱনা হ’ল “পূৱ-পশ্চিমৰ সংযোগ”

ফেশ্বন ডিজাইন আৰু আভ্যন্তৰীণ সজ্জা ডিজাইন উভয়ৰে নিৰ্বাচিত ডিজাইনৰ প্ৰস্তাৱনা হ’ল “পূৱ-পশ্চিমৰ সংযোগ”

  • Share this:

এফডিচিআইৰ লগত আয়োজিত হ’বলগা আগন্তুক লেক্মি ফেশ্বন উইকত প্ৰদৰ্শিত হ’বলগা শ্বোৰ বাবে বিশেষ ভাৰ্টুৱেল নিৰ্বাচনী অনুষ্ঠান “দ্য ডিজাইন ফেষ্টিভেল : চিজন ৮” ত আইএনআইএফডি গুৱাহাটীৰ ডিজাইনৰ ছাত্ৰ ৰিদ্ধি আগৰৱাল আৰু ৰুথ ৱেল্নগেইহ নেমকে প্ৰদৰ্শন কৰা সৃষ্টিশীল ডিজাইন প্ৰস্তাৱক উপস্থিত বিশিষ্ট বিচাৰকমণ্ডলীয়ে উচ্চ প্ৰশংসা কৰে।


ডিজাইন প্ৰতিষ্ঠানসমূহৰ বৃহত্তম আন্ত:ৰাষ্ট্ৰীয় নেটৱৰ্ক আইএনআইএফডিৰ “দ্য ডিজাইন ফেষ্টিভেল” এক অনন্য প্লেটফৰ্ম। ৰাষ্ট্ৰজুৰি আইএনআইএফডিৰ বিভিন্ন শাখা কেন্দ্ৰৰ সৈতে এই অনুষ্ঠান পাঁচ দিনীয়াকৈ দ্বি-বাৰ্ষিকভাৱে অনুষ্ঠিত হয় আৰু প্ৰত্যেকটো দিনত আইএনআইএফডি শিক্ষাৰ্থীসকলৰ দ্বাৰা উপস্থাপন কৰা ডিজাইনসমূহক অভিজ্ঞ বিচাৰক মণ্ডলীয়ে বিচাৰ কৰে।


আইএনআইএফডিয়ানসকলৰ বাবে এয়া এক বৃহৎ সুযোগ য’ত পাঁচ গৰাকী ফেশ্বন ডিজাইন আৰু পাঁচ গৰাকী অভ্যন্তৰীণ সজ্জা ডিজাইন বিজেতা আইএনআইএফডিৰ পাঁচটি কেন্দ্ৰৰ পৰা নিৰ্বাচিত কৰা হ’ব। মাৰ্চ ২০২৩ত নিৰ্বাচিত ফেশ্বন ডিজাইনৰ শিক্ষাৰ্থীসকলে এফডিচিআইৰ সহযোগত আয়োজিত হ’বলগা আগন্তুক লেক্মি ফেশ্বন উইকৰ ‘আইএনআইএফডি লঞ্চ’ত নিজৰ শ্বো প্ৰদৰ্শনৰ এক বিশেষ সুযোগ লাভ কৰিব। প্ৰতিগৰাকী বিজেতাই পুৰস্কাৰ হিচাপে নগদ ধনৰ লগতে ৰাইজ ৱৰ্ল্ডৱাইডৰ অভিজ্ঞ ডিজাইনাৰৰ পৰা প্ৰশিক্ষণ লাভ কৰিব।


ফেশ্বন ডিজাইন আৰু আভ্যন্তৰীণ সজ্জা ডিজাইন উভয়ৰে নিৰ্বাচিত ডিজাইনৰ প্ৰস্তাৱনা হ’ল “পূৱ-পশ্চিমৰ সংযোগ”- পৃথিৱীৰ দুই প্ৰান্তৰ ভিন্ন সংস্কৃতিৰ মিলনক উদাহৰণ হিচাপে লৈ, এটি প্ৰান্ত ভাৰত আৰু আনটো বিশ্বৰ যিকোনো এক প্ৰান্ত। বিষয়টি মনত ৰাখি ফেশ্বন ডিজাইনৰ শিক্ষাৰ্থীসকলে কলা, টেক্সটাইল, শিল্পকলা, পেইণ্টিং বা ছায়াচিত্ৰ আদি যিকোনো ব্যৱহাৰ কৰি এক সংকলন প্ৰস্তুত কৰিব লাগিব, আৰু অভ্যন্তৰীণ ডিজাইনৰ শিক্ষাৰ্থীসকলে প্ৰস্তাৱ অনুযায়ী বহা কোঠা, ৰেষ্টুৰেণ্ট, থিয়েটাৰ ইত্যাদি ঠাই ব্যৱহাৰ কৰি ৰেম্প বা ছেট ডিজাইন কৰিব লাগিব। জুৰীৰ সদস্যই উপস্থাপনসমহ চিন্তা প্ৰক্ৰিয়া, ডিজাইনৰ সৌন্দৰ্য্য, বিষয় সহাৱস্থান আদিৰ ওপৰত ভিত্তি কৰি বিচাৰ আগবঢ়াব।

শেহতীয়া বাতৰি