ছচিয়েল মিডিয়াত বিভিন্ন সময়ত বিভিন্ন পোষ্ট ভাইৰেল হৈ থাকে। ইয়াৰ ভিতৰত কিছুমান পোষ্টে মানুহক খুব আকৰ্ষণ কৰে। যাৰ ফলত মুহূৰ্ততে ভাইৰেল হৈ পৰে এই পোষ্ট। তেনে এক পোষ্ট বৰ্তমান ভাইৰেল হৈ আছে ছচিয়েল মিডিয়াত। এই পোষ্টটো বহু ব্যৱহাৰকাৰীয়ে নিজৰ নিজৰ ৱালত শ্বেয়াৰ কৰিছে। যাক লৈ ছচিয়েল মিডিয়াত আৰম্ভ হৈছে চৰ্চা।
আচলতে এয়া এক ধেমালি। যাক লৈ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে আনন্দৰ খোৰাক লাভ কৰিছে। সকলোৱে এই পোষ্টৰ জৰিয়তে ফ্ৰেণ্ড লিষ্টত থকা বন্ধুক টেগ কৰিছে। টেগ কৰা বন্ধুসকলে পোষ্টটো নিজৰ ৱালত শ্বেয়াৰ কৰিছে।
আপুনিও নিজৰ ৱালত শ্বেয়াৰ কৰি ইয়াৰ আনন্দ ল’ব পাৰে। প্ৰথমে আপুনি কাৰোবাৰ ৱালৰ পৰা পোষ্টটো কপি কৰি লওক। তাৰ পিছত নিজৰ ৱালত পেষ্ট কৰক।
এতিয়া আপুনি নামসমূহ আঁতৰাই প্ৰতিটো বিভাগৰ বিপৰীতে @ লগাওক। ওপৰত যিটো নাম আহিব সেইটো ছিলেক্ট কৰক। একাদিক্ৰমে বাকীবোৰ বিভাগতো @ টাইপ কৰি ওপৰত অহা নামটো ছিলেক্ট কৰি যাওক। গঠন হৈ যাব আপোনাৰ ফেচবুকৰ মন্ত্ৰীসভা।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 27, 2023, 10:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।