মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Friendship Day: গায়ক KKৰ সন্তানে গালে ‘য়াৰ’ দোস্তী’ৰ ট্ৰিবিউট ভাৰ্ছন, কণ্ঠ নিগৰালে পাপন–শ্বান–বেনী–ধ্বনীয়েও

Friendship Day: গায়ক KKৰ সন্তানে গালে ‘য়াৰ’ দোস্তী’ৰ ট্ৰিবিউট ভাৰ্ছন, কণ্ঠ নিগৰালে পাপন–শ্বান–বেনী–ধ্বনীয়েও

তামাৰা আৰু নকুলৰ সৈতে শ্বান, বেনী দয়াল, পাপন, ধ্বনি ভানুশালীয়ে এই গানটোত কণ্ঠদান কৰিছে।

তামাৰা আৰু নকুলৰ সৈতে শ্বান, বেনী দয়াল, পাপন, ধ্বনি ভানুশালীয়ে এই গানটোত কণ্ঠদান কৰিছে।

  • Share this:
চলিত বৰ্ষত গায়ক কেকেৰ আকস্মিক মৃত্যুৰ ঘটনা আছিল সকলোকে অবাক কৰি তোলা ঘটনাসমূহৰ ভিতৰত এটা। বহু কালজয়ী গীতত কণ্ঠদান কৰা কেকেৰ আটাইতকৈ জনপ্ৰিয় গীতসমূহৰ ভিতৰত এটা হ’ল ‘য়াৰ’ দোস্তী’। এই গীতটো বন্ধুত্বৰ ওপৰত আধাৰিত। ‘ফ্ৰেণ্ডশ্বিপ ডে’ (Friendship Day)ৰ পূৰ্বে, প্ৰয়াত কণ্ঠশিল্পীগৰাকীৰ সন্তান তামাৰা কৃষ্ণা আৰু নকুল কৃষ্ণাই শ্বান, বেনী দয়াল, পাপন আৰু কেইবাগৰাকীও কণ্ঠশিল্পীৰ সৈতে এই গীতটোৰ এটা নতুন ভাৰ্ছন ক্ৰিয়েট কৰিছে, যিটো মুকলিও কৰা হৈছে।

এই ৰিক্ৰিয়েট গীতটোৰ ভিডিঅ’ কেকেৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰাও শ্বেয়াৰ কৰা হৈছে। ইয়াত নকুল আৰু তামাৰাক পাপন, শ্বান, বেনী দয়াল আৰু ধ্বনী ভানুশালী (Dhvani Bhanushali)ৰ সৈতে গোৱা দেখা গৈছে। ভিডিঅ’ৰ আৰম্ভণি কেকেৰ এটা পুৰণি ভিডিঅ’ ক্লিপেৰে হৈছে, য’ত ‘য়াৰ’ দোস্তী’ গোৱা দেখা গৈছে। ইয়াৰ পিছত তেওঁৰ পুত্ৰ আৰু কন্যাক গোৱা দেখা গৈছে।








View this post on Instagram






A post shared by KK (@kk_live_now)





তামাৰা আৰু নকুলৰ সৈতে শ্বান, বেনী দয়াল, পাপন, ধ্বনি ভানুশালীয়ে এই গানটোত কণ্ঠদান কৰিছে। কেকেৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা শ্বেয়াৰ কৰা ভিডিঅ’ৰ কেপচনত লিখা হৈছে, ‘আমি আপোনালোকলৈ ‘য়াৰ’ৰ এই প্ৰস্তুতি আনিবলৈ পাই উৎসাহিত। কেকেই সদায় তামাৰা আৰু নকুলৰ সৈতে ৰেকৰ্ড আৰু পাৰফৰ্ম কৰিব বিচাৰিছিল আৰু এইদৰেই তেওঁলোকে এতিয়া বিশেষ ধৰণে তেওঁৰ ইচ্ছা পূৰণ কৰিছে।’

শেহতীয়া বাতৰি