অৱশ্যে সুগন্ধা আৰু সংকেতে দাবী কৰে যে তেওঁলোকৰ বিবাহ অনুষ্ঠানত কেৱল পৰিয়ালৰ লোকহে উপস্থিত আছিল। কিন্তু অভিযোগমতে এই বিবাহ অনুষ্ঠানত নিৰ্ধাৰিত সীমাতকৈ অধিক লোক গোট খাইছিল। ঘটনা সন্দৰ্ভত নিৰ্দিষ্ট হোটেলখনৰ বিৰুদ্ধেও আৰক্ষীয়ে এজাহাৰ দাখিল কৰিছে। অৱশ্যে এই পৰ্যন্ত কোনো লোকক আটক কৰা নাই। সুগন্ধাৰ বিয়াৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে আৰক্ষয়ে আৰম্ভ কৰিছে তদন্ত। ২৬ এপ্ৰিলত ক্লাৱ কাবানা ৰিজ’ৰ্টত বিয়া হৈছিল সুগন্ধাৰ। জানিব পৰা মতে বিয়াৰ পূৰ্বে বিয়াত অংশ লোৱা সকলো লোককে ২৪ ঘণ্টাৰ বাবে কোৱাৰেণ্টাইনতো ৰখা হৈছিল।
বিয়াৰ পূৰ্বে দিয়া এক সাক্ষাৎকাৰত নিজৰ বিয়াখন খুউব ধূম-ধামেৰে পতাৰ ইচ্ছা প্ৰকাশ কৰিছিল সুগন্ধাই। কিন্তু কোৰোণাৰ কাৰণে লুগন্ধাৰ সেই আশা পূৰণ নহ’ল। এজাহাৰত উল্লেখ থকা মতে লুগন্ধাৰ বিয়াত এশৰো অধিক লোক গোট খাইছিল, কিন্তু কোভিড নিয়ম মতে বিবাহত ৪০ জনৰ অধিক লোকৰ অনুমতি নাই পঞ্জাৱত।