Can You Spot English Word in Blocks: আলোকীয় ভ্ৰম মানে চকুৰ এনে প্ৰতাৰণা যে সন্মুখত দেখা বস্তুবোৰো যেন নোহোৱা হৈ যায়। আকৌ এবাৰ আমি আপোনালোকৰ বাবে এনে এক চকু কপালত তুলিব পৰা ভ্ৰম লৈ আহিছো। আমি আপোনালোকৰ বাবে লৈ আহিছো চকুত প্ৰতাৰণামূলক ছবি দেখুওৱা আন এক আলোকীয় ভ্ৰম, যাৰ পৰা ইংৰাজী শব্দ এটা বিচাৰি উলিয়াব লাগিব।
এই বিভ্ৰান্তিকৰ ছবিখন ইমানেই শক্তিশালী যে চকু মুদি চালেও সেই শব্দটো (Spot The Hidden English Word) সহজে দেখা নাপাব। এই আলোকীয় ভ্ৰমটো একেবাৰে বেলেগ, য’ত ক’লা-বগা সৰু বৰ্গবোৰৰ মাজত এটা ইংৰাজী শব্দ লুকাই আছে। মাত্ৰ ১০ ছেকেণ্ডৰ ভিতৰত এই শব্দটো বিচাৰি উলিয়াই আপোনাৰ চোকা চকুৰ আশ্চৰ্য্য দেখুৱাব লাগিব।
শব্দটো ক'লা-বগা ঘৰবোৰৰ মাজত লুকাই আছে
এই বিভ্ৰান্তিকৰ ছবিখন ব্ৰাইট চাইডে শ্বেয়াৰ কৰিছে, যিখন সমাধানৰ চেষ্টা কৰি বহুজন ভাগৰি পৰিছে। বগা আৰু ক’লা ৰঙৰ সৰু সৰু বৰ্গাকৃতিৰ ঘৰ তৈয়াৰ কৰা হৈছে। এইবোৰৰ মাজত সেই শব্দটো ডাঙৰ আখৰেৰে লিখা আছে, যিবোৰ বিচাৰি উলিয়াব লাগিব। যদি আপুনি এই প্ৰত্যাহ্বান ১০ ছেকেণ্ডৰ ভিতৰত সম্পূৰ্ণ কৰিব পাৰে, বিশ্বাস কৰক, আপোনাৰ মনোনিৱেশ কৰাৰ ক্ষমতা প্ৰচণ্ড। যদিও আপুনি এই কাম কৰিব নোৱাৰে, তেন্তে আপুনিও অলপ গ্ৰেচ পিৰিয়ড ল’ব পাৰে।
ই যাদু নহয়, চকুৰ ভ্ৰম
সেইসকলেহে এই প্ৰত্যাহ্বানসমূহ সম্পূৰ্ণ কৰিব পাৰে, যাৰ মনোযোগ দিয়াৰ ক্ষমতা প্ৰচণ্ড। আমি আশা কৰোঁ যে এতিয়ালৈকে আপোনালোকে সেই শব্দটো পাইছে কিন্তু যিসকলে এতিয়াও বুজিব পৰা নাই তেওঁলোকে মাত্ৰ মনোযোগ দিয়ক আৰু আগলৈ পিছলৈ গৈ এই ছবিখন চাওক। যদি এতিয়াও শব্দটো দেখা নাই তেন্তে ইংগিতটো হ’ল যে ইয়াৰ আৰম্ভণি R ৰে হয়।
![]()
মুঠ চাৰিটা আখৰেৰে এই শব্দটো বিচাৰি পোৱাটো সহজ নাছিল। এতিয়াও যদি আপুনি এইটো দেখা নাই, তেন্তে আমি আপোনাক কওঁ যে এই শব্দটো 'ROCK'।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|