অন্ধ্ৰ প্ৰদেশ (Andhra Pradesh)ৰ শ্ৰীকাকুলামৰ এটা চিনেমা হলত কৰ্তৃপক্ষই আচৰিত ব্যৱস্থা কৰিছে। হলৰ পৰ্দাৰ সন্মুখত কাঁইটীয়া তাঁৰৰ বেৰ লগাই দিছে কৰ্তৃপক্ষই। দৰ্শকসকলক পৰ্দাৰ ওচৰলৈ যোৱাৰ পৰা প্ৰতিহত কৰিবলৈ কাঁইটীয়া তাঁৰ আৰু বেৰ লগাই দিয়া হৈছে। RRRৰ প্ৰদৰ্শনৰ আগে আগে হল কৰ্তৃপক্ষই এই ব্যৱস্থা লৈছে।
শ্ৰীকাকুলামৰ সূৰ্য থিয়েটাৰ (Surya Theatre) ইনচাৰ্জৰ মতে, " RRR ছবিখনত দুজন শীৰ্ষ তাৰকাক কাষ্ট কৰা হৈছে, সেয়ে গোটেই থিয়েটাৰটো অতি বিশৃংখল হৈ পৰাৰ আশংকা আছে।"
ইয়াৰ পূৰ্বে হল কৰ্তৃপক্ষ অনুৰাগীসকলৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। RRRত দুজন অতি জনপ্ৰিয় অভিনেতা আছে যাৰ অলেখ অনুৰাগী আছে। "হলত যেতিয়া আল্লু অৰ্জূনৰ 'পুষ্পা' (Pushpa) প্ৰদৰ্শন কৰা হৈছিল, প্ৰচুৰ ভিৰৰ বাবে হলৰ স্ক্ৰীণখন ক্ষতিগ্ৰস্ত হৈছিল। সেইকাৰণে আমি এই ফেন্সিং স্থাপন কৰিআছোঁ", সূৰ্য থিয়েটাৰ ইনচাৰ্জে এইদৰে কয়।
উল্লেখ্য যে RRRত তাৰকা অভিনেতা জুনিয়ৰ NTR আৰু ৰাম চৰণে (Ram Charan and Jr NTR) অভিনয় কৰিছে। অজয় দেৱগন (Ajay Devgn) আৰু আলিয়া ভাটে (Alia Bhatt)ও অভিনয় কৰিছে ছবিখনত। ছবিখনৰ ট্ৰেইলাৰ ওলোৱাৰ পৰাই দেশজুৰি ব্যাপক সমাদৰ লাভ কৰিছে। ২৫ মাৰ্চত মুক্তি পাব ছবিখনে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|