শ্বাহৰুখ খান ((Shah Rukh Khan), কাজল (Kajol) আৰু ৰাণী মুখাৰ্জী (Rani Mukerji) অভিনীত ছুপাৰহিট ছবি 'কুছ কুছ হোতা হ্যে (Kuch Kuch Hota Hai) নিৰ্মাণৰ আজি ২৩ বছৰ পূৰ্ণ হৈছে। ১৯৯৮ চনৰ ১৬ অক্টোবৰত মুক্তি লাভ কৰা এই ছবিখনে এতিয়াও যুৱসকলক এটা বিশেষ অনুভৱ দিয়ে।
কাজলৰ টম বয় অৱতাৰেই হওক বা ৰাণী মুখাৰ্জীৰ আকৰ্ষণীয় চেহেৰাই হওক, দৰ্শকে এতিয়াও পাহৰিব পৰা নাই কুছ কুছ হোতা হ্যেক। ছবিখনৰ পৰিচালক কৰণ জোহৰৰ বাবে 'কুছ কুছ হোতা হ্যে' অতি বিশেষ, কৰণে ছবিখনৰ ২৩ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত তেওঁ নিজৰ আৱেগক ধৰি ৰাখিব নোৱাৰিলে আৰু সামাজিক মাধ্যমত তেওঁৰ অনুভৱ প্ৰকাশ কৰে।
কৰণ জোহৰে তেওঁৰ টুইটাৰ হেণ্ডেলত লিখে– 'শ্ৰেষ্ঠ কলাকুশলী, কৰ্মচাৰী আৰু দৰ্শকসকলক ধন্যবাদ যিসকলে ২৩ বছৰ ধৰি এই কাহিনীটোৰ প্ৰতি তেওঁলোকৰ মৰম দি আহিছে! ধন্যবাদ।'
কৰণে এটা ভিডিঅ' শ্বেয়াৰ কৰিও লিখিছিল– '২৩ বছৰৰ প্ৰেম, বন্ধুত্ব আৰু বহুতো স্মৃতি! এয়া কেমেৰাৰ পিছফালে মোৰ প্ৰথম সুযোগ আছিল আৰু ইয়ে চিনেমাৰ প্ৰতি এক অনন্য প্ৰেম জাগ্ৰত কৰিছিল মোৰ হৃদয়ত।
23 years of pyaar, dosti and a bunch of memories! This was my first time behind the camera and it ignited an unparalleled love for the cinema in me that continues to drive me till today... pic.twitter.com/ZvsDpwm4uH
— Karan Johar (@karanjohar) October 16, 2021
উল্লেখ্য যে ধৰ্মা প্ৰডাকচনৰ বেনাৰত প্ৰযোজিত 'কুছ কুছ হোতা হ্যে' চলচ্চিত্ৰখনত বন্ধুত্ব আৰু প্ৰেমৰ কাহিনী অতি আৱেগিকভাৱে চিত্ৰায়ন কৰা হৈছিল। শ্বাহৰুখ খান, কাজল আৰু ৰাণী মুখাৰ্জীয়ে দৰ্শকৰ হৃদয় জয় কৰিছিল। কৰণ জোহৰেও এই ছবিখনৰ জৰিয়তে পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰিছিল। চলচ্চিত্ৰখন যশ জোহৰে প্ৰযোজনা কৰিছিল। কৰণ জোহৰে এই ছবিখনৰ পিছত যোৱা ২৩ বছৰত বলীউডক বহুতো উজ্জ্বল চলচ্চিত্ৰ উপহাৰ দিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|