• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Parched: অন্তৰংগ মুহূৰ্তৰ দৃশ্যত অভিনয়ৰ আগেয়ে ৰাধিকা আপ্তেক কি সুধিছিল আদিল হুছেইনে? এটা সাক্ষাৎকাৰত জনালে আদিলে

Parched: অন্তৰংগ মুহূৰ্তৰ দৃশ্যত অভিনয়ৰ আগেয়ে ৰাধিকা আপ্তেক কি সুধিছিল আদিল হুছেইনে? এটা সাক্ষাৎকাৰত জনালে আদিলে

আদিল হুছেইনৰ মতে, অভিনেতাসকল নিৰ্মম হত্যাকাৰীৰ চৰিত্ৰত অভিনয় কৰিবলৈ আগ্ৰহী আৰু সেয়েহে প্ৰেমৰ দৃশ্য চিত্ৰিত কৰাৰ ক্ষেত্ৰতো সমস্যা থকা উচিত নহয়।

আদিল হুছেইনৰ মতে, অভিনেতাসকল নিৰ্মম হত্যাকাৰীৰ চৰিত্ৰত অভিনয় কৰিবলৈ আগ্ৰহী আৰু সেয়েহে প্ৰেমৰ দৃশ্য চিত্ৰিত কৰাৰ ক্ষেত্ৰতো সমস্যা থকা উচিত নহয়।

আদিল হুছেইনৰ মতে, অভিনেতাসকল নিৰ্মম হত্যাকাৰীৰ চৰিত্ৰত অভিনয় কৰিবলৈ আগ্ৰহী আৰু সেয়েহে প্ৰেমৰ দৃশ্য চিত্ৰিত কৰাৰ ক্ষেত্ৰতো সমস্যা থকা উচিত নহয়।

  • Share this:

লীনা যাদৱ পৰিচালিত তথা বহুকেইটা আন্তঃৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত ছবি 'পাৰ্চড'ত অভিনয় কৰিছিল আদিল হুছেইন আৰু ৰাধিকা আপ্তেই। ছবিখনত অভিনেত্ৰী ৰাধিকা আপ্তেই অভিনয় কৰা কিছু সাহসী দৃশ্যই তেওঁক চৰ্চাৰ মাজলৈ আনিছিল। ছবিখনত আপ্তেৰ কিছু নগ্ন দৃশ্যাংশক লৈ সেই সময়ত হৈছিল বেছ আলোচনাও। নগ্নতাৰ এনে কিছু সাহসী দৃশ্যত আপ্তেৰ সৈতে  অভিনয় কৰিছিল অভিনেতা আদিল হুছেইনে। ছবিখনত আদিল হুছেইনে ৰূপায়ণ আছিল ৰাধিকাৰ প্ৰেমিকৰ চৰিত্ৰ। শেহতীয়াকৈ অভিনেতা আদিল হুছেইনে সংবাদ সংস্থা ই–টাইমছক দিয়া এটা সাক্ষাত্কাৰত এনে দৃশ্যাংশ সম্পৰ্কে স্পষ্ট কৰে কিছু কথা।


ৰাধিকাৰ আপ্তেৰ সৈতে এনে দৃশ্যাংশত অভিনয় কৰাৰ আগেয়ে তেওঁলোকৰ মাজত কেনে আলোচনা হৈছিল সেই সম্পৰ্কে উল্লেখ কৰে হুছেইনে। অভিনেতাগৰাকীয়ে কয়– 'ৰাধিকাই নিজকে শিল্পৰ মাজত বিলীন কৰি দিছিল। দৰ্শকে ইয়াক উপলব্ধি কৰা উচিত।' তেওঁ নিজে তথা ৰাধিকাৰ দৰে শিল্পীয়ে অভিনয় শিল্পক যথেষ্ট গুৰুত্ব দিয়ে বুলি উল্লেখ কৰি অভিনেতাগৰাকীয়ে নগ্ন দৃশ্যাংশ সম্পৰ্কে কয় এইদৰে– আমি সেই দৃশ্যত প্ৰায় উলংগ হৈ আছিলো। এনে দৃশ্যত অভিনয় কৰাত মোৰ কোনো সমস্যা নাই, যদিহে সি স্থুল ৰুচিৰ পৰিৱৰ্তে কলাসন্মত হয়। মানৱ জীৱনৰ জটিলতাবোৰ দেখুৱাবলৈ এনে দৃশ্যবোৰ কৰাত মোৰ কোনো সমস্যা নাই।'


সাক্ষাত্কাৰটোত আদিল হুছেইনে কয় যে শ্বুটিঙৰ আগেয়ে তেওঁ ৰাধিকাৰ সৈতে ছবিৰ অন্তৰংগ মুহূৰ্তৰ দৃশ্যাংশ সম্পৰ্কে কথা পাতিছিল আৰু 'ৰাধিকাৰ প্ৰেমিকে কি ‍ভাবিব পাৰে' বুলি জিজ্ঞাসা কৰিছিল। আপ্তেই কৈছিল- 'মই বিবাহিত'। আনহাতে আপ্তেয়ো একেটা প্ৰশ্নকে আদিলক সুধিছিল। তেতিয়া অভিনেতাগৰাকীয়ে আপ্তেক কয়– 'মোৰ পত্নীয়ে মোৰ বৃত্তিক সন্মান কৰে আৰু মোৰ সংবেদনশীলতাৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে। আমি থিয়েটাৰত আমাৰ প্ৰাৰম্ভিক দিনৰ পৰাই ইজনে সিজনক চিনি পাওঁ আৰু তেওঁ জানে মই কিয় এজন অভিনেতা।"


এইদৰে দুয়োৱে বুজি উঠিছিল যে এনে দৃশ্যাংশত অভিনয় কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ একান্ত ব্যক্তিগত সম্পৰ্কৰ পৰা কোনো বাধা নাই। অভিনেতা আদিল হুছেইনৰ মতে, অভিনেতাসকল নিৰ্মম হত্যাকাৰীৰ চৰিত্ৰত অভিনয় কৰিবলৈ আগ্ৰহী আৰু সেয়েহে প্ৰেমৰ দৃশ্য চিত্ৰিত কৰাৰ ক্ষেত্ৰতো সমস্যা থকা উচিত নহয়।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি