உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • শূৰ্পনখা হোৱাৰ কি প্ৰয়োজন আছিল? প্লাষ্টিক চাৰ্জাৰীৰে চেহেৰা সলনি কৰা দিশা পাটানীক ট্ৰ'ল ছচিয়েল মিডিয়াত!

    শূৰ্পনখা হোৱাৰ কি প্ৰয়োজন আছিল? প্লাষ্টিক চাৰ্জাৰীৰে চেহেৰা সলনি কৰা দিশা পাটানীক ট্ৰ'ল ছচিয়েল মিডিয়াত!

    নতুন ছবি- লাষ্ট দা ফাইনেল ট্ৰুথত ন-ৰূপত দিশা পাটানী

    নতুন ছবি- লাষ্ট দা ফাইনেল ট্ৰুথত ন-ৰূপত দিশা পাটানী

    নতুন ছবি- লাষ্ট দা ফাইনেল ট্ৰুথত ন-ৰূপত দিশা পাটানী

    • Share this:
    প্লাষ্টিক চাৰ্জাৰী এটা নতুন বিষয় নহয় আৰু যিসকলে কেমেৰাৰ সন্মুখত কাম কৰে, অৰ্থাৎ অভিনেতা আৰু অভিনেত্ৰীসকলে, বয়স বজাই ৰাখিবলৈ বা বয়সৰ চাপ ঢাকিবলৈ প্ৰায়ে প্লাষ্টিক চাৰ্জাৰীৰ সহায় লোৱা দেখা যায়। কিন্তু বেছিভাগ সময়তে তেওঁলোকে ৰাজহুৱাভাৱে ইয়াক স্বীকাৰ নকৰে। প্লাষ্টিক অস্ত্ৰোপচাৰ কৰা  শিল্পীৰ তালিকাখনত এইবাৰ আকৌ এটা নতুন নাম যোগ কৰা হৈছে।



    বলীউডৰ অভিনেত্ৰী দিশা পাটানীয়ে অলপতে প্লাষ্টিক চাৰ্জাৰী কৰাৰ খবৰ পোহৰলৈ আহিছে। অভিনেত্ৰী গৰাকীৰ শেহতীয়াকৈ মুক্তি পোৱা 'লাষ্ট: দ্য ফাইনেল ট্ৰুথ'ৰ প্ৰিমিয়াৰত দৰ্শকে তেঁওক নতুন ৰূপত দেখিবলৈ পাইছে। দিশাই ষ্টাইল ষ্টেটমেণ্টৰ বাবে প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে। মোহময়ী অভিনেত্ৰী গৰাকীৰ প্লাষ্টিক চাৰ্জাৰীৰ বাতৰিয়ে সকলোকে আচৰিত কৰিছে।



    চলমান খান আৰু আয়ুষ শৰ্মা অভিনীত এণ্টিম ছবিৰ প্ৰিমিয়াৰত দিশাক ব্যতিক্ৰমী ৰূপত দেখা গৈছিল। দিশাৰ মুখখন আগতে দেখাতকৈ অলপ সলনি হৈছে বুলিও অধিকাংশ অনুৰাগীয়ে সামাজিক মাধ্যমত মন্তব্য কৰিছে। বহুতে ট্ৰল কৰিছে অভিনেত্ৰীগৰাকীক। একাংশই ধেমালীৰ চলেৰে দিশাৰ নতুন লুক দেখি শূৰ্পনখা হোৱাৰ কি প্ৰয়োজন আছিল বুলি মন্তব্য কৰিছে। অৱশ্যে দিশাই যদিও এতিয়ালৈকে এই বিষয়ত ৰাজহুৱাভাৱে কোনো মন্তব্য কৰা নাই।
    Published by:Himangshu Bhuyan
    First published: