• Home
  • »
  • News
  • »
  • entertainment
  • »
  • DID Little Master Nobojit Narzary: ডিআইডি লিটল মাষ্টাৰ নৱজিত নাৰ্জাৰীক কোকৰাঝাৰত সম্বৰ্ধনা ৷

DID Little Master Nobojit Narzary: ডিআইডি লিটল মাষ্টাৰ নৱজিত নাৰ্জাৰীক কোকৰাঝাৰত সম্বৰ্ধনা ৷

DID Little Master : বিটিচি পৰিষদীয় চৰকাৰ নৱজিতলৈ জৌহৌলাউ নীলেশ্বৰ ব্ৰহ্ম বঁটা ঘোষণা৷ ডিআইডি লিটল মাষ্টাৰ নৱজিত নাৰ্জাৰীক এবছুৰ উদ্যোগত বিভিন্ন দল -সংগঠনৰ উস্ম সম্বৰ্ধনা

DID Little Master : বিটিচি পৰিষদীয় চৰকাৰ নৱজিতলৈ জৌহৌলাউ নীলেশ্বৰ ব্ৰহ্ম বঁটা ঘোষণা৷ ডিআইডি লিটল মাষ্টাৰ নৱজিত নাৰ্জাৰীক এবছুৰ উদ্যোগত বিভিন্ন দল -সংগঠনৰ উস্ম সম্বৰ্ধনা

DID Little Master : বিটিচি পৰিষদীয় চৰকাৰ নৱজিতলৈ জৌহৌলাউ নীলেশ্বৰ ব্ৰহ্ম বঁটা ঘোষণা৷ ডিআইডি লিটল মাষ্টাৰ নৱজিত নাৰ্জাৰীক এবছুৰ উদ্যোগত বিভিন্ন দল -সংগঠনৰ উস্ম সম্বৰ্ধনা

  • Share this:
ডিআইডিৰ লিটল মাষ্টাৰ ছিজন- ৫ (DID LITTLE MASTER SEASON-5)ৰ বিজয়ী নৱজিত নাৰ্জাৰীক আজি বিটিচিৰ সদৰ কোকৰাঝাৰত উষ্ম সম্বৰ্ধনা জনোৱা হয় ।  কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ ইণ্ডোৰ ষ্টেডিয়ামত আয়োজিত এক কাৰ্যসূচীত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু (ABSU)ৰ কেন্দ্ৰীয় সমিতি আৰু কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আয়োজিত কৰা এক সম্বৰ্ধনা সভাত আছু , বড়ো হাৰিমু আফাৎ, বড়ো সাহিত্য সভা, BTR আক্ৰাছু, সূত্ৰধৰ ছাত্ৰ সন্থা, কোকৰাঝাৰ সাহিত্য সভা, লায়ন্স ক্লাব, এবিএমছু,  কোকৰাঝাৰ ব্যৱসায়ী  সন্থা, ৰাজনৈতিক দল ইউপিপিএলকে ধৰি প্ৰায় অৰ্দ্ধ শতাধিক বিভিন্ন দল সংগঠন, সমিতি আৰু বিটিচি প্ৰশাসনে আৰনাই, ফুলৰ থোপা, ফুলাম গামোচা, জাপি আৰু শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।

আনপিনে BTC পৰিষদীয় চৰকাৰে প্ৰতি বছৰে আগবঢ়াই অহা জৌহৌলাউ  নীলেশ্বৰ ব্ৰহ্ম সাংস্কৃতিক বঁটা ২০২২ আজিৰ মঞ্চতে ডিআইডিৰ লিটল মাষ্টাৰ ছিজন-৫ৰ বিজয়ী নৱজিত নাৰ্জাৰীলৈ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে৷ আনহাতে UPPL দলৰ তৰফৰ পৰা নৱজিত নাৰ্জাৰীলৈ চেকযোগে এক লাখ টকা প্ৰদান কৰে দলৰ সম্পাদক  ৰাজু নাৰ্জাৰী আৰু উপ-সভানেত্ৰী তথা কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষা প্ৰতিভা ব্ৰহ্মই৷

আজি লিটল মাষ্টাৰ নৱজিতৰ লগতে নৃত্য প্ৰশিক্ষক দীপিকা মাঝী, পিতৃ উপেন নাৰ্জাৰী আৰু মাতৃ অণু নাৰ্জাৰীকো এবছুসহ বিভিন্ন দল-সংগঠনে ফুলৰ থোপা, আৰনাই,গামোচা আদিৰে সম্বৰ্ধনা জনায়।

নৱজিতে ভৱিষ্যতে আৰু ডাঙৰ ডাঙৰ ৰিয়েলিটি শ্বো (Reality Show)ত অংশগ্ৰহণৰ হেপাঁহ পুহি ৰখাৰ লগতে ভৱিষ্যতে এগৰাকী কৰিঅ'গ্ৰাফাৰ হবলৈ ইচ্ছা প্ৰকাশ কৰে । লগতে কষ্ট কৰিলে ভাল ফলাফল পায় বুলিও মতপোষণ কৰে ।

উল্লেখ্য যে সম্বৰ্ধনা অনুষ্ঠানত এবছুৰ সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰী, উপ-সভাপতি খৌৰৌমদাউ ৱাৰী, কোকৰাঝাৰ পূৱ জনজাতি বিধানসভা সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী, গোসাইগাঁৱৰ বিধায়ক জিৰণ বসুমতাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য উকেল বসুমতাৰীও উপস্থিত থাকে৷
Published by:Manjumoni Borah
First published: