শেহতীয়াকৈ ছবিগৃহত মুক্তি লাভ কৰিছে বলীউদৰ অভিনেত্ৰী কংগনা ৰাণাৱটৰ ছবি 'ঢাকড়ে'। কিন্তু কংগনাৰ ছবিখনে মুক্তিৰ প্ৰথম দিনটোৰ পৰাই বক্স অফিছত বিশেষ একো প্ৰভাৱ পেলাব পৰা নাই। কংগনা ৰাণাৱটৰ ছবি ঢাকড়ৰ বক্স অফিচ ক্লেচ হৈছিল কাৰ্তিক আৰিয়াণৰ ভুল ভুলিয়া ২ৰ সৈতে। কাৰ্তিকৰ ছবিখনে প্ৰথম দিনাই ১৪ কোটি উপাৰ্জনেৰে বাম্পাৰ আৰম্ভণি কৰিছিল। কিন্তু কংগনাৰ ছবিখন মাত্ৰ ১.২৫ কোটিহে উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। কেৱল ইমানেই নহয় প্ৰথম তিনিদিনৰ কালেকশ্যনৰ ক্ষেত্ৰতো ভুল ভুলিয়াতকৈ বহুদূৰ পিছ পৰি ৰয় কংগনাৰ ঢাকড় ছবি।
কাৰ্তিকৰ ছবিখনে ৫ দিনত ৭৫ কোটিৰ সীমা অতিক্ৰম কৰিছে। সেইসময়তে কংগনাৰ ছবিখনে কোনোমতে ৫ কোটিৰ ঘৰত উপনীত হৈছে। আশা কৰা হৈছিল যে, ছবিখনে শনিবাৰে আৰু দেওবাৰে ভাল ব্যৱসায় কৰিব, পিছে ভবা মতে একো নহ'ল! দ্বিতীয় দিনা শনিবাৰে ঢাকড়ে ১.০৫ কোটি টকাৰ ব্যৱসায় কৰে। সেইদৰে দেওবাৰে মাত্ৰ ৯৮ লাখ টকা উপাৰ্জন কৰে। কইমোইৰ প্ৰতিবেদন অনুসৰি, ঢাকড়ৰ চতুৰ্থ দিনাৰ উপাৰ্জন আছিল মাত্ৰ ৩০ লাখ টকা। আৰু পঞ্চম দিনা অৰ্থাত মঙলবাৰে ছবিখনে উপাৰ্জন কৰে মাত্ৰ ২৫ লাখ টকা।
উল্লেখ্য যে, কংগনা ৰাণাৱটৰ ছবিখন সমগ্ৰ দেশৰ ২২০০ খন স্ক্ৰীণত মুক্তি দিয়া হৈছিল। কিন্তু দৰ্শকৰ অভাৱত ছবিগৃহসমূহে হ্ৰাস কৰিছে ছবিখনৰ স্ক্ৰীণিঙৰ সংখ্যা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|