• Home
  • »
  • News
  • »
  • entertainment
  • »
  • অভিনেত্ৰী জুহি চাওলাৰ ওপৰত উচ্চ ন্যায়ালয়ৰ ২০লক্ষ টকাৰ জৰিমনা। জনপ্ৰিয়তা লাভৰ বাবে কোৰ্টৰ আশ্ৰয়ৰ লোৱাৰ অভিযোগ।

অভিনেত্ৰী জুহি চাওলাৰ ওপৰত উচ্চ ন্যায়ালয়ৰ ২০লক্ষ টকাৰ জৰিমনা। জনপ্ৰিয়তা লাভৰ বাবে কোৰ্টৰ আশ্ৰয়ৰ লোৱাৰ অভিযোগ।

দেশত 5G প্ৰযুক্তিৰ বিস্তাৰৰ বিৰোধিতা কৰি দিল্লী উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল জুহি চাওলাই। Virtual শুনানিৰ web linkটো Social Mediaত প্ৰচাৰ কৰিছিল জুহিয়ে।

  • Share this:
দেশত 5G প্ৰযুক্তিৰ বিস্তাৰৰ বিৰোধিতা কৰি দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হিন্দী ছবি জগতৰ মোহময়ী অভিনেত্ৰী জুহি চাওলাক ন্যায়ালয়ে বিহিলে ২০লক্ষ টকাৰ জৰিমনা । জনপ্ৰিয়তা অর্জন কৰিবলৈ অমূলক আবেদন দাখিল কৰি আদালতৰ মূল্যৱান সময় নষ্ট কৰাৰ কাৰণে জুহি চাওলাৰ ওপৰত এই ব্যৱস্থা গ্ৰহণ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে।

ন্যায়াধীশ জি আৰ মিৰ্ধাৰে গঠিত এখন এজনীয়া বিচাৰপীঠে জুহিৰ আবেদনৰ শুনানি গ্ৰহণ কৰি আবেদনখন বিৰক্তিকৰ বুলি মন্তব্য কৰে । তেওঁ লগতে কয় – "এনেকুৱা লাগিছে আবেদনকাৰীয়ে জনপ্রিয়তা অর্জনৰ কাৰণে আদালতৰ কাষ চাপিছিল; কাৰণ তেওঁ আবেদনকাৰী হিচাপে লাভ কৰা Virtual শুনানিৰ web link টো Social Mediaৰ যোগেদি প্ৰচাৰ কৰিছিল ।"

জুহি চাওলাই ভাৰত চৰকাৰে যাতে 5G প্ৰযুক্তিৰ সম্প্ৰসাৰণ প্ৰক্ৰিয়া বন্ধ কৰে সেই নিৰ্দেশ বিচাৰি উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল । তেওঁৰ যুক্তিটো আছিল এই প্ৰযুক্তিয়ে মানৱ, পশু, গছ-গছনিৰ অনিষ্ট সাধন কৰিব আৰু সামগ্রীক ভাৱে পৰিৱেশ বিনস্ত কৰাত অংশীদাৰ হ’ব । অভিনেত্ৰী গৰাকীয়ে জৰিমনাৰ ধন Delhi Legal Services Authorityক দিব লাগিব ।

উচ্চ ন্যায়ালয়ে লগতে শুনানিৰ সময়ছোৱাত জুহি চাওলাৰ বোলছবিৰ গান গাই থকা লোকজনক আৰক্ষীৰ যোগেদি চিনাক্ত কৰি তেওঁৰ বিৰুদ্ধেও আদালতক অৱমাননা কৰাৰ গোচৰ তৰিবলৈ নিৰ্দেশ দিছে ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি