এতিয়া প্ৰতিখন বিহু মঞ্চতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলে গীত পৰিবেশন কৰি ৰাইজক আপ্লুত কৰিছে। জুবিন গাৰ্গ, পাপনৰ লগতে প্ৰায় সকলো ন-পুৰণি কণ্ঠশিল্পীয়ে বিহুৰ অনুষ্ঠানত গীত পৰিৱেশন কৰিছে। পিছ পৰি ৰোৱা নাই নতুন প্ৰজন্মৰ জনপ্ৰিয় গায়িকা দ্বীপলিনা ডেকা। প্ৰায় প্ৰতিখন বিহু মঞ্চৰ পৰাই দ্বীপলিনাই শ্বেয়াৰ কৰিছে আকৰ্ষণীয় ফটো অথবা ভিডিও।
শেহতীয়াকৈ দ্বীপলিনা ডেকা ছচিয়েল মিডিয়াত অত্যন্ত চৰ্চাতো আছে। দ্বীপলিনাৰ ফটোত বহুতে কৰিছে আকৰ্ষণীয় কমেণ্ট। তাৰ মাজতে এটা বিশেষ কমেণ্টে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।
দুদিনমান পূৰ্বে দ্বীপলিনাৰ অনুষ্ঠান আছিল বাইহাটা চাৰিআলীত। আকৌ সেইদিনাই কমলপুৰত অনুষ্ঠান পৰিবেশন কৰিছিল জনপ্ৰিয় কণ্ঠশিল্পী পাপনে। এগৰাকীয়ে দ্বীপলিনাৰ ফটোৰ কমেণ্টত লিখিছে- 'বা কমলপুৰত পাপন দা অহা কাৰণে আপোনাক চাব যাব নোৱাৰিলো।'- অনুৰাগীজনৰ কমেণ্টত দ্বীপলিনাইয়ো দিযে আকৰ্ষণীয় ৰিপ্লাই। দ্বীপলিনাই কয় যে, মই হোৱা 'হ'লেও, পাপন দাকে চাবলৈ গ'লো হেতেন!'
Published by: Himangshu Bhuyan
FIRST PUBLISHED : April 23, 2022, 10:18 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।