• Home
  • »
  • News
  • »
  • entertainment
  • »
  • কেটৰিনাক লৈ জ্বলিছে নেকি দীপিকা! কেটৰিনাৰ বিয়াৰ পিছতে দীপিকাই কৰিলে এই কাম

কেটৰিনাক লৈ জ্বলিছে নেকি দীপিকা! কেটৰিনাৰ বিয়াৰ পিছতে দীপিকাই কৰিলে এই কাম

যিটো সময়ত দেশজুৰি বিকি কৌশল আৰু কেটৰিনা কাইফৰ বিয়াক লৈ চৰ্চা চলি আছে, সেই সময়তে দীপিকা পাডুকণে ছচিয়েল মিডিয়াত কৰা কামে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

যিটো সময়ত দেশজুৰি বিকি কৌশল আৰু কেটৰিনা কাইফৰ বিয়াক লৈ চৰ্চা চলি আছে, সেই সময়তে দীপিকা পাডুকণে ছচিয়েল মিডিয়াত কৰা কামে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

যিটো সময়ত দেশজুৰি বিকি কৌশল আৰু কেটৰিনা কাইফৰ বিয়াক লৈ চৰ্চা চলি আছে, সেই সময়তে দীপিকা পাডুকণে ছচিয়েল মিডিয়াত কৰা কামে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

  • Share this:
বলীউদত অভিনেত্ৰীসকলৰ মাজৰ যুঁজ নতুন কথা নহয়। কিন্তু ইয়াৰ প্ৰমাণ শেহতীয়াকৈ স্পষ্ট হোৱা দেখা গৈছে! দীপিকা পাডুকণে (Deepika Padukone) শেহতীয়াকৈ কৰা এটা কামক লৈ এতিয়া সমালোচনাৰ সন্মুখীন হৈছে ছচিয়েল মিডিয়াত।

যিটো সময়ত দেশজুৰি বিকি কৌশল আৰু কেটৰিনা কাইফৰ (Katrina Kaif Vicky Kaushal Wedding) বিয়াক লৈ চৰ্চা চলি আছে, সেই সময়তে দীপিকা পাডুকণে ছচিয়েল মিডিয়াত কৰা কামে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

আচলতে দীপিকা পাডুকণে বিগত বৰ্ষত নিজৰ বিয়াৰ সকলো (Deepika Padukone Wedding Photo) ফটো হাইড কৰিছিল। অৰ্থাৎ নিজৰ বাদে আন কোনোৱে চাব নোৱাৰে সেই ফটো। কিন্তু শেহতীয়াকৈ ছচিয়েল মিডিয়াত বিয়পি পৰিছে বিকি কৌশল আৰু কেটৰিনা কাইফৰ বিয়াৰ ফটো (Vicky Kaushal Katrina Kaif Married)। কোৱা হৈছে যে ইয়াকে লৈ দীপিকাৰ অনুভৱ হৈছে যে এতিয়া সকলো এটেনশ্যন কেটৰিনাই পাই আছে।


দীপিকাই এতিয়া নিজৰ বিয়াৰ সকলো ফটো পুনৰ আপলোড কৰিছে। এতিয়া দীপিকাৰ বিয়াৰ ফটো পুনৰ এবাৰ ছচিয়েল মিডিয়াত দেখা গৈছে। মানুহে কৈছে যে দীপিকাই এই কাম এইবাবেই কৰিছে যাতে মানুহে তেওঁলোকৰ বিয়াৰ কথাও মনত ৰাখে।

দীপিকা পাডুকণ আৰু ৰণবীৰ সিঙে ২০১৮ চনৰ ১৪ নৱেম্বৰত বিবাহপাশত আবদ্ধ হৈছিল। দীপিকা পাডুকণৰ নিজৰ বিয়াৰ ফটোসমূহ ৰাজহুৱা কৰাৰ পিছতে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published: