জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ডান্স ডিৱানে ৩ (Dance Deewane 3)ৰ হোষ্ট ৰাঘৱ জুৱেলে শেহতীয়াকৈ এক বিতৰ্কত সোমাই পৰিছে। গুৱাহাটীৰ কণমানি প্ৰতিযোগী গুঞ্জন সিনহাক (Gunjan Sinha) মঞ্চত ‘চীনা’ ভাষাৰে আমন্ত্ৰণ কৰাৰ এটা ভিডিও ক্লিপ ভাইৰেল হোৱাৰ পিছতে ছচিয়েল মিডিয়াত তীব্ৰ ৰোষৰ বলি হয় ৰাঘৱ জুৱেল। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও ৰাঘৱ জুৱেলৰ মন্তব্যৰ গৰিহণা দি ইয়াক লজ্জাজনক ঘটনা আখ্যা দিয়ে।
ছচিয়েল মিডিয়াত প্ৰচুৰ ট্ৰ’ল হোৱাৰ পিছত ৰাঘৱ জুৱেলে এটা ভিডিও বাৰ্তা ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি ক্ষমা প্ৰাৰ্থনা কৰে। হাতজোৰ কৰি উত্তৰ পূৱৰ ব্যক্তিক উদ্দেশ্যি বৰ্ণবাদী মন্তব্য কৰা নাই বুলি স্পষ্টীকৰণ দিয়ে। ৰাঘৱ জুৱেলৰ ক্ষমা প্ৰাৰ্থনাই মানুহৰ খং নকমালেও ৰাঘৱৰ সমৰ্থনত এইবাৰ প্ৰতিক্ৰিয়া দিছে গুঞ্জনৰ পিতৃয়ে। ( Gunjan Sinha father on Raghav Juyal viral video)
পেচাত এজন আৰক্ষী গুঞ্জন সিনহাৰ পিতৃয়ে এটা নিউজ চেনেলৰ আগত কয় যে মই এই গোটেই ঘটনাটো ভালকৈ বৰ্ণনা কৰিব পাৰিম যিহেতু মই শ্ব’টোত আছিলো। মোৰ ছোৱালীজনীয়ে ইউটিউব চাই চীনা ভাষা ক’বলৈ শিকে। যেতিয়া তাইক নিজৰ প্ৰতিভাৰ বিষয়ে সোধা হয় তেতিয়া তাই কয় যে তাই চীনা ভাষা ক’ব পাৰে। তেতিয়া তেওঁলোকে (ডান্স ডিৱানে টীম) তাইক চীনা ভাষা ক’বলৈ কয়। সেইকাৰণে সেইটো স্ক্ৰীপ্টত দিয়া হৈছিল। চীনা ভাষা কোৱা আৰু নৰ্থ ইষ্টৰ হোৱাৰ কোনো সংযোগ নাই। যদি তেওঁ কোৱা কথাত এয়া ওলালে হেতেন মই প্ৰতিক্ৰিয়া দিলোহেতেন কাৰণ আমি সকলো অসমৰ।
স্পষ্টীকৰণত কি কৈছিল ৰাঘৱ জুৱেলে?
ৰাঘৱ জুৱেলে কৈছিল যে গুৱাহাটীৰ গুঞ্জন নামৰ শিশুটি যেতিয়া শ্ব’লৈ আহিছিল তেতিয়া শ্ব’ত সাধাৰণতে সকলো শিশু প্ৰতিযোগীক সোধাৰ দৰে তেওঁৰ হবিৰ বিষয়ে সোধা হৈছিল। তেতিয়া তেওঁ কৈছিল যে তেওঁ চীনা ভাষা (অসংলগ্ন) ক’ব পাৰে। তেতিয়া তাইক সেয়া ক’বলৈ কোৱা হৈছিল। গুঞ্জনে শিশুসুলভ মনোভাৱেৰে সেয়া কয় আৰু পৰৱৰ্তী এপিছডতো তাই তেনেকৈ অসংলগ্ন চীনা ভাষা কৈ যায়। যিটো এপিছ’ডৰ ক্লিপ ভাইৰেল হৈছিল তাত ৰাঘৱে শিশুটিৰ সেই অভ্যাস আৰু হবি হিচাপেহে ধেমেলীয়াকৈ একেই সুৰত তাইক ষ্টেজত মাতিছিল। বৰ্ণবাদী মন্তব্যৰে উত্তৰ পূৱৰ মানুহক হেয় কৰাৰ তেওঁৰ কোনো উদ্দেশ্য নাছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|