টীম ইণ্ডিয়াৰ অপেনাৰ ৰোহিত শৰ্মা (Rohit Sharma) বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন। তেওঁৰ অনুৰাগী সংখ্যাও কম নহয় আৰু তেওঁৰ খেলৰ ভক্ত। ক্ৰিকেটত কৰা তেওঁৰ ৰেকৰ্ডবোৰ চাইয়েই তেওঁক 'হিটমেন' বুলি কোৱা হয়। অমিতাভ বচ্চনৰ দ্বাৰা পৰিচালিত কুইজ শ্ব' 'কৌন বনেগা কৰোড়পতি'ত প্ৰতিযোগী হিচাপে ৰোহিত শৰ্মাৰ এজন অনুৰাগীয়ে অংশগ্ৰহণ কৰিিছিল। এই খণ্ডটোৰ প্ৰ'ম'ত প্ৰাণশু নামৰ ৰোহিত শৰ্মা অনুৰাগীজনৰ তেওঁৰ প্ৰতি ধকা শ্ৰদ্ধা, মৰম আৰু আগ্ৰহ দেখি "বিগ বি'ৰ লগতে উপস্থিত দৰ্শকসকল আচৰিত হৈ পৰিছিল৷ প্ৰাণশু মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাৰ এখন ফটো সদায়েই তেওঁৰ ৱালেটত ৰাখে আৰু অনুষ্ঠানটোত ৰোহিতক তেওঁৰ বাবে 'ঈশ্বৰ' বুলি অভিহিত কৰে।
যেতিয়া অমিতাভ বচ্চনে প্ৰাণশুক ৰোহিত আৰু তেওঁৰ প্ৰেমিকাৰ মাজত এজনক বাছনি কৰিবলৈ কৈছিল, তেতিয়া প্ৰতিযোগী প্ৰাণশুৰ বাবে এই প্ৰশ্নটো ইমানেই কঠিন হৈ পৰিছিল যে তেওঁ যথেষ্ট অস্থিৰ হৈ পৰা দেখা গৈছিল। তেওঁ অনুষ্ঠানটোৰ ৭ কোটিটকীয়া প্ৰশ্নটোতকৈ ইয়াক অধিক কঠিন বুলি উত্তৰ দিছিল। কিংবদন্তী বেটছমেনজনৰ বাবে প্ৰাণশুৰ শ্ৰদ্ধা- সন্মান দেখি বিগ বিয়ে ৰোহিত শৰ্মাৰ সৈতে এটা ভিডিঅ' কলৰ ব্যৱস্থা কৰি দিছিল ৷ ভিডিঅ' কল স্ক্ৰীণত ৰোহিতক দেখি প্ৰাণশু ইমানেই আৱেগিক হৈ পৰিছিল যে তেওঁৰ ভাৱ-ভংগীয়ে ৰোহিতৰ অন্তৰ জয় কৰি পেলাইছিল।
প্ৰাণশুৱে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰি কৈ পেলালে, 'নিজৰ ভগৱানৰ সৈতে কেনেকৈ কথা পাতিব লাগে মই নেজানোঁ'। ইয়াৰ মাজতে অমিতাভে কয়, " এই প্ৰাণশু আপোনাৰ কিমান ডাঙৰ অনুৰাগী মই ক'ব নোৱাৰো গতিকে সকলো গম পালেই যেতিয়া কথাকে পাতি লওক। তেতিয়া প্ৰাণশুৱে অমিতাভ বচ্চনক এইদৰে কয় 'ছাৰ, ঈশ্বৰৰ লগত কোনে কথা পাতে।' চনী টিভি নেটৱৰ্কে এই খণ্ডটোৰ টিজাৰ ভিডিঅ' শ্বেয়াৰ কৰাৰ লগে লগে ভিডিঅ' ক্লিপটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|