মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »মহিলাক লৈ অশ্লীল টিপ্পনী! হানী সিঙৰ বিৰুদ্ধে আইনী জাননী

মহিলাক লৈ অশ্লীল টিপ্পনী! হানী সিঙৰ বিৰুদ্ধে আইনী জাননী

পঞ্জাৱৰ মহিলা আয়োগৰ অধ্যক্ষ মনীষা গুলাটীৰ অনিসৰি, এই গীতটোত হানী সিঙে Womanizer বুলি নিজক কৈ মহিলাসকলক আৰু তেওঁলোকৰ চৰিত্ৰক লৈ অপমানজনক টিপ্পনী কৰে। এইকাৰণতে জাননী প্ৰেৰণ কৰি ইয়াৰ উত্তৰ বিচাৰে তেওঁৰ পৰা।

  • Share this:
    জনপ্ৰিয় ৰেপাৰ হানী সিঙৰ বিৰুদ্ধে ৰাজ্য মহিলা আয়োগে জাননী প্ৰেৰণ কৰিছে। আয়োগে হানী সিঙক তেওঁৰ নতুন গীত ‘মখনা’ত মহিলাসকলক লৈ ব্যৱহাৰ কৰা অশ্লীল শব্দ সন্দৰ্ভত জাননী প্ৰেৰণ কৰে। হানী সিং প্ৰায়ে তেওঁৰ গীতসমূহত মহিলাসকলক লৈ টিপ্পনী কৰাক লৈ আলোচনাৰ মাজত সোমাই পৰে।

    পঞ্জাৱৰ মহিলা আয়োগৰ অধ্যক্ষ মনীষা গুলাটীৰ অনিসৰি, এই গীতটোত হানী সিঙে Womanizer বুলি নিজক কৈ মহিলাসকলক আৰু তেওঁলোকৰ চৰিত্ৰক লৈ অপমানজনক টিপ্পনী কৰে। এইকাৰণতে জাননী প্ৰেৰণ কৰি ইয়াৰ উত্তৰ বিচাৰে তেওঁৰ পৰা।

    মখনাৰ যাদু
    নতুন গীত মখনাৰ বাবে পুনৰ য়ো য়ো হানী সিং নিজৰ যাদু বিয়পাবলৈ সক্ষম হৈছে, গীতটোক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু ইউটিউবত এই গীতটোৱে তোলপাৰ লগাইছিল। ২১ ডিচেম্বৰত টি–চিৰিজৰ আধাৰত মুক্তি পোৱা ‘মখনা’ই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

    কিছুদিন পূৰ্বে, য়ো য়ো হানী সিঙে ‘দিল চৌৰী’ গীতটোৰ বাবে মুম্বাইত অনুষ্ঠিত হোৱা হালিয়া সংগীত পুৰষ্কাৰ অনুষ্ঠানত ‘ছং অব দি ইয়াৰ’ৰ পুৰষ্কাৰ অৰ্জন কৰিছিল। ২০১৮ বৰ্ষত হানী সিঙে ‘দিল চৌৰী’, ‘ছোটে ছোটে পেগ’, ‘দিছ পাৰ্টী ইজ অভাৰ নাউ’, ‘ৰংগতাৰী’ আৰু শ্বাহিদ কাপুৰ–কিয়াৰা আদবানীৰ ছবিৰ ছিংগল উৰ্বশীৰ দৰে কেইবাটাও ছুপাৰহিট গীতক লৈ  দৰ্শকৰ পৰা সমাদৰ লাভ কৰিছে।

    শেহতীয়া বাতৰি