বিয়া ঘৰ মানেই আনন্দ, নৃত্য-গীত, হাঁহি- ফুৰ্তি। আজিকালি প্ৰায় প্ৰতিখন বিয়াৰে অভ্যৰ্থনা অনুষ্ঠানৰ দিনা সকলো আত্মীয়ই লগ হৈ নৃত্য কৰা দেখিবলৈ পোৱা যায়। কিছু কিছু ঠাইত ভাল পাৰফৰ্ম কৰাৰ বাবে কৰিওগ্ৰাফাৰো ঠিক কৰে বহুতে। তেনে এন বিবাহৰ ভিডিওই এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।
সম্প্ৰতি এখন বিয়াৰ ভিডিও ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। দেখা গৈছে বিয়াখনত দৰা-কইনাই আকৰ্ষণীয় নৃত্য কৰা। উপস্থিত সকলো হৈ পৰিছে মুগ্ধ। এটা এটা ষ্টেপ দেখিলেই বুজা যায়, দুয়ো আগৰে পৰা প্ৰস্তুতি চলাইয়েই ষ্টেজত উঠিছিল। অর্থাৎ এই অনুষ্ঠানৰ ৰিহাৰ্চল বহু আগৰে পৰা হৈ আছিল।
ষ্টেজত দৰা-কইনাৰ এণ্ট্ৰিৰ অপেক্ষাত আছিল সকলো। হঠাৎ আগমন ঘটে দুয়োৰে। আৰু তাকো একেবাৰে চিনেমাৰ কাইদাৰে। আৰম্ভণিৰ পৰাই অনুষ্ঠান জমাই দিয়ে দুয়ো। বিশেষকৈ কইনাক দৰাই লিফট কৰি সম্পূৰ্ণ ৩৬০ ডিগ্ৰী ঘূৰাই দিয়াৰ দৃশ্য দেখি সকলো মুগ্ধ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|