বুধবাৰে বলিউডৰ অভিনেতা বিবেক অৱেৰয়ক প্ৰাণে মৰাৰ ভাবুকি দিয়ে নক্সালবাদীয়ে। ফলত এতিয়া আতংকিত হৈ পৰিছে অভিনেতাগৰাকী। বিবেক অবেৰয়ৰ মন্তব্য অনুসৰি বিবেকে অভিনয় কৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বায়পিক খনৰ বাবে তেঁওক প্ৰাণে মৰাৰ ভাবুকি দিছে সংগঠনটোৱে। ইতিমধ্যে এই বিষয়ে মুম্বাই আৰক্ষীক অৱগত কৰিছে অভিনেতাজনে।
![]()
শুক্ৰবাৰে মুক্তি লাভ কৰিব প্ৰধানমন্ত্ৰীৰ জীৱনৰ আধাৰত নিৰ্মিত এই বহুচৰ্চিত ছবিখন। কিন্তু ছবিখনৰ মুক্তিৰ পূৰ্বে নক্সালবাদীৰ দিয়া ভাবুকিৰ পিছত এতিয়া বিবেকৰ লগতে বিবেক অবেৰয়ৰ ফেন সকসো এতিয়া আতংকিত হৈ পৰিছে। ইতিমধ্যে বিবেক অবেৰয়ৰ নিৰাপত্তাৰ ক্ষেত্ৰতো এতিয়া বিশেষ ভাবে মনোযোগ দিছে মুম্বাই আৰক্ষীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|