• Home
  • »
  • News
  • »
  • entertainment
  • »
  • বিকি–কেটৰিনাৰ বিয়াত নিষিদ্ধ ম’বাইল ফোন, ছিকিউৰিটী টীমৰ নজৰত থাকিব আমন্ত্ৰিত অতিথি!

বিকি–কেটৰিনাৰ বিয়াত নিষিদ্ধ ম’বাইল ফোন, ছিকিউৰিটী টীমৰ নজৰত থাকিব আমন্ত্ৰিত অতিথি!

বিকি কৌশল আৰু কেটৰিনা কাইফৰ বিয়া ৰাজস্থানৰ এক সুন্দৰ ৰিজ’ৰ্টত হ’ব। বিয়াৰ প্ৰস্তুতি এতিয়া অন্তিম পৰ্যায়ত।

বিকি কৌশল আৰু কেটৰিনা কাইফৰ বিয়া ৰাজস্থানৰ এক সুন্দৰ ৰিজ’ৰ্টত হ’ব। বিয়াৰ প্ৰস্তুতি এতিয়া অন্তিম পৰ্যায়ত।

বিকি কৌশল আৰু কেটৰিনা কাইফৰ বিয়া ৰাজস্থানৰ এক সুন্দৰ ৰিজ’ৰ্টত হ’ব। বিয়াৰ প্ৰস্তুতি এতিয়া অন্তিম পৰ্যায়ত।

  • Share this:


বিকি কৌশল (Vicky Kaushal) আৰু কেটৰিনা কাইফ (Katrina Kaif) বৰ্তমান বলীউদৰ আটাইতকৈ চৰ্চিত যুটী।  ডিচেম্বৰত বিবাহপাশত আবদ্ধ হ’ব এই জনপ্ৰিয় যুটী। এতিয়ালৈ অৱশ্যে বিকি–কেটৰিনা বা তেওঁলোকৰ পৰিয়ালৰ পৰা কোনো কথা প্ৰকাশ কৰা নাই যদিও দুয়োৰে বিয়াৰ তাৰিখ, বিয়াৰ পোছাক, স্থান, মুম্বাইত ভাড়াত লোৱা এক সুন্দৰ ফ্লেট, মেহেন্দী আদিৰ পিছত এতিয়া দুয়ো নিজৰ বিয়াক লৈ আন এক ডাঙৰ নিয়ম প্ৰস্তুত কৰিছে। যিটো দৰা–কইনাই নহয়, বিয়াত উপস্থিত থকা অতিথিসকলেও মানিব লাগিব।

বিকি কৌশল আৰু কেটৰিনা কাইফৰ বিয়া ৰাজস্থানৰ এক সুন্দৰ ৰিজ’ৰ্টত হ’ব। বিয়াৰ প্ৰস্তুতি এতিয়া অন্তিম পৰ্যায়ত। খবৰ মতে, হ’বলগীয়া কইনা কেটৰিনাই নিজৰ কামৰ পৰা বিৰতি লৈছে আৰু বিয়াৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে। ইণ্ডিয়া টুডেৰ এক ৰিপ’ৰ্ট অনুসৰি, কেটৰিনা আৰু বিকিৰ বিয়াৰ বাবে এটা নিয়ম বনোৱা হৈছে যিটো বিয়াত উপস্থিত থকা সকলোৱে পালন কৰিব লাগিব।

Katrina Kaif-Vicky Kaushal Wedding News: ৰাজস্থানৰ ছৱাই মাধপুৰৰ বাৰৱাড়া কিলাত কেটৰিনা কাইফ আৰু বিকি কৌশলৰ বিয়া হ’ব।


ৰিপ’ৰ্ট অনুসৰি, এতিয়ালৈ কোনোৱে বিয়াৰ নিমন্ত্ৰণ লাভ কৰা নাই। কিন্তু বিকি কৌশলে বিয়াৰ নিমন্ত্ৰণী পত্ৰত ম’বাইল ফোন লৈ নাহিবলৈ কোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ বিয়ালৈ নিয়ম কৰা হ’ব যে বিয়ালৈ কোনো অতিথিয়ে ম’বাইল ফোন আনিব নোৱাৰিব। ইভেণ্ট মেনেজমেণ্ট এজেন্সীকো কঠোৰ নিৰ্দেশ দিয়া হৈছে। প্ৰতিজন অতিথিৰ ওপৰত থাকিব ছিকিউৰিটী টীমৰ নজৰ।

মঞ্চত বস্ত্ৰ খুলি অনুৰাগীৰ সৈতে গায়িকাই কৰিলে এই কাণ্ড ! ভাইৰেল ভিডিঅ', সমালোচনাৰ ধুমুহা!

কোৱা হৈছে যে ছচিয়েল মিডিয়াত বিয়াৰ কোনো ফটো বা ভিডিঅ’ লীক যাতে নহয় তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁলোকে এটা বিশেষ টীম বনাইছে যিটোৱে প্ৰাইভেচী আৰু ছিকিউৰিটীৰ ওপৰত নজৰ ৰাখিব।


Assam News Today | News in Assamese | Latest News in Assamese

Published by:Sanjay Kumar Das
First published: