বিবেক অগ্নিহোত্ৰীৰ (Vivek Agnihotri) 'দ্য কাশ্মীৰ ফাইলছ'য়ে (The Kashmir Files) ডাঙৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ ঘাম বাহিৰ কৰিছে। ছবিখনে বক্স অফিচত ২০০ কোটিৰ সীমা অতিক্ৰম কৰিছে। অক্ষয় কুমাৰৰ 'বচ্চন পাণ্ডে' ছবিখনেও ইয়াৰ লগতে ফেৰ মাৰিব পৰা নাই। 'দ্য কাশ্মীৰ ফাইলছ'ৰ সফলতা আৰু কিছু লোকৰ বিৰোধিতাৰ পিছত, বিবেক অগ্নিহোত্ৰীয়ে তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি থকা বুলি কৈছিল, যাৰ পিছত গৃহ মন্ত্ৰালয়ে তেওঁক ৱাই শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰিছে। শেহতীয়াকৈ, তেওঁ প্ৰকাশ কৰিছে যে তেওঁ মুকলিকৈ তেওঁৰ জীৱনৰ প্ৰতি থকা ভাবুকিআৰু কেনেকৈ দুজন অজ্ঞাত ব্যক্তিয়ে তেওঁৰ কাৰ্যালয়ত প্ৰৱেশ কৰিছিল আৰু তেওঁৰ মেনেজাৰৰ সৈতে হতাহতি কৰিছিল (2 boys pushed Vivek Agnihotri manager)।
বিবেক অগ্নিহোত্ৰীয়ে তেওঁৰ ছবি 'দ্য কাশ্মীৰ ফাইলছ'ত কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত হোৱা অত্যাচাৰ আৰু উপত্যকাৰ পৰা তেওঁলোকৰ প্ৰস্থানৰ কাহিনী বৰ্ণনা কৰিছে। মানুহে এই চিনেমাখন চাই আৱেগিক হৈ পৰিছে। শেহতীয়াকৈ, তেওঁ কৈছে যে কেনেকৈ 'দ্য কাশ্মীৰী ফাইলছ'ৰ সফলতাৰ পিছত, তেওঁ নিজৰ জীৱনৰ ভাবুকিৰ সন্মুখীন হ'বলৈ আৰম্ভ কৰিছে।
Published by: Kokil Sarma
FIRST PUBLISHED : March 24, 2022, 14:36 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|