আজি তেজপুৰ আহি উপস্থিত হ’ব বলীউদৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰ আৰু মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন। তেওঁলোকৰ সৈতে আহিব ১২০ জনীয়া এটা টিম৷ ইতিমধ্যে চাৰিদিন ধৰি নতুন ছবি ‘ফাইটাৰ’ৰ মূল নায়ক ঋত্বিক ৰোশনে তেজপুৰ এয়াৰপৰ্টতে বাহৰ পাতি আছে।
১৬ নৱেম্বৰৰ দিনা অনিল কাপুৰ আৰু দীপিকা পাডুকনৰ ভেনিটি ভেন তেজপুৰত উপস্থিত হোৱাৰ পিছত আজি পুৱা অভিনেতা ঋত্বিক ৰোশন আৰু ফাইটাৰ’ ছবিৰ পৰিচালক সিদ্ধাৰ্থ আনন্দৰ বাবে দুখন ভেনিটি ভেন আহি তেজপুৰত উপস্থিত হৈছে।
উল্লেখ্য যে, কাইলৈৰ পৰা ‘ফাইটাৰ’ৰ বিশেষ দৃশ্যগ্ৰহণ আৰম্ভ হ'ব তেজপুৰ এয়াৰপৰ্টকে ধৰি বিভিন্ন লোকেচনত।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|